দিল্লীত সাধাৰণ লোকৰ টোপনি কাঢ়ি নিয়া ‘এখন হাতৰ’ চোৰ, অৱশেষত পৰিল আৰক্ষীৰ জালত

News18 Assam | News18-Assam
Updated:September 11, 2020, 3:33 PM IST
দিল্লীত সাধাৰণ লোকৰ টোপনি কাঢ়ি নিয়া ‘এখন হাতৰ’ চোৰ, অৱশেষত পৰিল আৰক্ষীৰ জালত
“ইচকে লিয়ে মেৰা এক হাত হি কাফী হ্যে’ – হিন্দী বোলছবিৰ এই বিখ্যাত সংলাপটোক বাস্তৱ ৰূপ দি আহিছিল দিল্লীৰ এটা চোৰে।

“ইচকে লিয়ে মেৰা এক হাত হি কাফী হ্যে’ – হিন্দী বোলছবিৰ এই বিখ্যাত সংলাপটোক বাস্তৱ ৰূপ দি আহিছিল দিল্লীৰ এটা চোৰে।

  • News18 Assam
  • Last Updated: September 11, 2020, 3:33 PM IST
  • Share this:
“ইচকে লিয়ে মেৰা এক হাত হি কাফী হ্যে’ – হিন্দী বোলছবিৰ এই বিখ্যাত সংলাপটোক বাস্তৱ ৰূপ দি আহিছিল দিল্লীৰ এটা চোৰে। বিশেষ ভাবে সক্ষম চোৰটোৱে এখন হাতেৰেই দীৰ্ঘদিন ধৰি চলাই আহিছিল সন্ত্ৰাস। আৰু এখন হাত নোহোৱাৰ সুবাদতে প্ৰতিবাৰে আৰক্ষীৰ সন্দেহৰ আৱৰ্তৰ পৰা অনায়াসে ওলাই আহিব পাৰিছিল। কিন্তু অৱশেষত দিল্লীৰ দক্ষিণ জিলাৰ আৰক্ষী আয়ুক্ত অতুল ঠাকুৰে গঠন কৰি দিয়া এটা আৰক্ষীৰ বিশেষ দলে  হাতে-লুটে ধৰে চোৰটোক। চোৰ বিদ্যাত পাকৈত বিশেষ ভাৱে সক্ষম চোৰটোৱে CCTV কেমেৰাত ধৰা নিদিয়াৰো কৌশল জানিছিল।

কিন্তু যোৱা ২৭ আগষ্টৰ নিশা চোৰটোৱে CCTVৰ অৱস্থিতি নিশ্চিত কৰিব নোৱাৰাত সকলো চুৰি-কাৰ্য বন্দী হ’ল কেমেৰাত। পিছত চুৰি হোৱা ঘৰৰ মালিকে এই ভিডিঅ’ ছচিয়েল মিডিয়াত আপলোড কৰে। সেই ভিডিঅ’ৰে পম খেদি আৰক্ষীয়ে কৰায়ত্ত কৰে এখন হাতৰ চোৰটোক।

ৰাজু নামৰ এই বিশেষ চোৰটো উত্তৰ প্ৰদেশৰ গুৰখপুৰৰ নিবাসী। ৰাজু জন্মৰ পৰাই বিশেষ ভাৱে সক্ষম নাছিল। এক দুৰ্ঘটনাত সোঁহাতখন হেৰুৱাব লগা হৈছিল ৰাজুৱে। তাৰ পাছত সি দিল্লীলৈ আহে আৰু এই কামত হাত দিয়ে।
Published by: Himangshu Bhuyan
First published: September 11, 2020, 3:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading