News18ৰ সৈতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সাক্ষাৎকাৰ
নতুন দিল্লী বিধানসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰি মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ প্ৰাৰ্থী অৰবিন্দ কোজৰিৱাল বৰ্তমান নিৰ্বাচনী প্ৰচাৰত ব্যস্ত।
বিজেপি দলে দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰায় ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাকে প্ৰমুখ্য কৰি গৌতম গম্ভীৰ, ছানী দেউল, স্মৃতি ইৰাণী আদিয়ে নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপি প্ৰাৰ্থীৰ হৈ। কিন্তু বিজেপিৰ দৰে আম আদমী পাৰ্টীৰ নাই কোনো ষ্টাৰ কেম্পেইনাৰ।
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিভিন্ন ঠাইত এতিয়া দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে। News18ৰ সৈতে হোৱা সাক্ষাৎকাৰত কেজৰিৱালে কয় যে, দিল্লীৰ জনতাই আমাৰ বাবে ষ্টাৰ কেম্পেইনাৰ। তেওঁলোকেই আমাক জয়যুক্ত কৰাব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|