• Home
  • »
  • News
  • »
  • nation
  • »
  • কিহেৰে শ্ৰদ্ধাৰ মৃতদেহ টুকুৰা–টুকুৰ কৰিছিল আফতাবে? আৰক্ষীৰ তদন্তত ফ্লেটত ওলাল সন্ধান

কিহেৰে শ্ৰদ্ধাৰ মৃতদেহ টুকুৰা–টুকুৰ কৰিছিল আফতাবে? আৰক্ষীৰ তদন্তত ফ্লেটত ওলাল সন্ধান

আফতাবৰ কৰ্মস্থলীৰ পৰা কিছুমান ক’লা পলিথিন উদ্ধাৰ হৈছে। এই পলিথিনবোৰৰ সহায়তে দেহৰ টুকুৰাবোৰ বিভিন্ন স্থানত পেলাই আহিছিল আফতাবে।

আফতাবৰ কৰ্মস্থলীৰ পৰা কিছুমান ক’লা পলিথিন উদ্ধাৰ হৈছে। এই পলিথিনবোৰৰ সহায়তে দেহৰ টুকুৰাবোৰ বিভিন্ন স্থানত পেলাই আহিছিল আফতাবে।

আফতাবৰ কৰ্মস্থলীৰ পৰা কিছুমান ক’লা পলিথিন উদ্ধাৰ হৈছে। এই পলিথিনবোৰৰ সহায়তে দেহৰ টুকুৰাবোৰ বিভিন্ন স্থানত পেলাই আহিছিল আফতাবে।

  • Share this:
আৰক্ষীৰ জেৰাত অৱশেষত মুখ খুলিবলৈ বাধ্য হ’ল শ্ৰদ্ধা হত্যাৰ অভিযুক্ত আফতাব। জানিব পৰা মতে, আফতাবৰ ফ্লেটৰ পৰা তদন্তকাৰী দলে কিছু চোকা অস্ত্ৰ উদ্ধাৰ কৰিছে। অনুমান কৰা হৈছে, শ্ৰদ্ধাক হত্যা কৰাৰ পিছত দেহ টুকুৰা–টুকুৰ কৰাৰ বাবে এই চোকা অস্ত্ৰসমূহ ব্যৱহাৰ কৰিছিল আফতাবে।

ইয়াৰ লগতে আফতাবৰ কৰ্মস্থলীৰ পৰা কিছুমান ক’লা পলিথিন উদ্ধাৰ হৈছে। এই পলিথিনবোৰৰ সহায়তে দেহৰ টুকুৰাবোৰ বিভিন্ন স্থানত পেলাই আহিছিল আফতাবে।

আৰক্ষীয়ে জনাইছে, চলিত বছৰৰ ১৮ মে’ত শ্ৰদ্ধাক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল আফতাবে। তাৰ পিছত গুগল ছাৰ্চ কৰিছিল। তাত কিদৰে মৃতদেহ লুকুৱাব পাৰি তাৰ সন্ধান কৰে আফতাবে। তাৰ পিছতে চোকা অস্ত্ৰৰে শ্ৰদ্ধাৰ দেহ ৩৫ টুকুৰা কৰিছিল আফতাবে। টুকুৰাবোৰ যাতে পচি নাযায় তাৰ বাবে ৩০০ লিটাৰৰ এটা ফ্ৰীজ কিনি আনিছিল আফতাবে। সেই ফ্ৰীজতে টুকুৰাবোৰ ৰাখিছিল আফতাবে। তাৰ পিছত প্ৰায় ১৮ দিন ধৰি বিভিন্ন স্থানত সেই টুকুৰাবোৰ পেলাই আহিছিল আফতাবে।

আৰক্ষীৰ অনুমান, হত্যাৰ সময়ত শ্ৰদ্ধাৰ কাপোৰ–কানিৰ লগতে নিজৰ পোছাকো আফতাবে কোনো স্থানত পেলাই দিয়ে। ইতিমধ্যে আৰক্ষীয়ে দুটা স্থান চিহ্নিত কৰিছে। এই দুই স্থান আফতাবৰ ফ্লেটৰ সমীপতে। পোছাকবোৰ পালে তদন্তত বহু সুবিধা হ’ব বুলি অনুমান কৰিছে আৰক্ষীয়ে।

সকলো তথ্য–প্ৰমাণ গোটোৱাত সমস্যাত পৰিছে আৰক্ষী। কাৰণ, শ্ৰদ্ধাৰ ম’বাইল ফোনৰ সন্ধান এতিয়াও পোৱা নাই। ফৰেনছিক টীমৰ দাবী, হত্যাৰ দিনা পিন্ধা শ্ৰদ্ধা আৰু আফতাবৰ পোছাকত কোনো তেজৰ দাগ এতিয়াও থাকিব পাৰে। সেই পোছাকবোৰৰ সন্ধান লাভ কৰিলে তদন্ত প্ৰক্ৰিয়াও ভাল হ’ব। কিন্তু সেই পোছাকৰ সন্ধান এতিয়ালৈ পোৱা নাই।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি