দিল্লী হত্যাকাণ্ডৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে। আফতাবে প্রেয়সীৰ মৃতদেহ ফ্ৰীজত থাকোঁতেই আন এগৰাকী যুৱতীৰে সম্বন্ধ স্থাপন কৰিছিল। যুৱতীগৰাকী psychologist আছিল আৰু আফতাবৰ ঘৰলৈও আহিছিল।
আফতাবৰ হাতত শ্ৰদ্ধাৰ Instagramৰ পাছৱৰ্ড আছিল আৰু শ্রদ্ধা জীয়াই আছে বুলি ধাৰণা দিবলৈ Instagramত পোষ্ট কৰি আছিল। আফতাবে শ্ৰদ্ধাৰ Credit Cardৰ বিলসমূহো পৰিশোধ কৰি আছিল যাতে বেংকে শ্ৰদ্ধাৰ মুম্বাইৰ ঘৰলৈ ফোন নকৰে।
হত্যাৰ কিছুদিন আগতে দুয়ো শিমলা, মানালীত ফুৰি আহিছিল। মে’ৰ ১৮ তাৰিখে দুয়োৰে মাজত কাজিয়া লাগিছিল। আৰক্ষীৰ তদন্তত আফতাবে এইখিনি কথা জনাইছে।
উল্লেখযোগ্য যে, ১৮ মে’ত কাজিয়াৰ অন্তত প্ৰেমিক আফতাবে নিজৰ লিভ-ইন পাৰ্টনাৰ শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰিছিল। তাৰ পিছত আফতাবে যুৱতীগৰাকীৰ শৰীৰটো চোকা অস্ত্ৰৰে ৩৫ টুকুৰা কৰি সেইবোৰ ৰাখিবলৈ যথেষ্ট ডাঙৰ ফ্ৰীজ এটা ক্ৰয় কৰিছিল। তাৰপিছত সংঘটিত কৰিছিল আন এক ধাৰাবাহিক জঘন্য কাণ্ড। পৰৱৰ্তী ১৮ দিনৰ ভিতৰত তেওঁ মৃত শৰীৰটোৰ টুকুৰাবোৰ প্ৰতি মাজনিশা ২ বজাত ঘৰৰ পৰা ওলাই গৈ সমগ্ৰ দিল্লীৰ বিভিন্ন স্থানত টুকুৰাবোৰ সিঁচৰিত কৰি পেলাইছিল।
গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে আফতাবক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, শ্ৰদ্ধাই বিয়া কৰাবলৈ হেঁচা দিয়াৰ বাবেই আফতাবে শ্ৰদ্ধাক হত্যা কৰা বুলি স্বীকাৰ কৰিছে। আফতাবে কয় যে এই বিষয়টোক লৈ দুয়োৰে মাজত প্ৰায়ে কাজিয়া হৈছিল আৰু যেতিয়া কাজিয়াই এদিন চৰম পৰ্যায় অতিক্ৰম কৰিছিল তেতিয়া এদিন মে’ মাহত আফতাবে শ্ৰদ্ধাক হত্যা কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|