মুখ্যপৃষ্ঠা »খবৰ »দেশ »Monkeypox: দিল্লীত আকৌ এজন নাইজেৰিয়ান লোক মাংকীপক্সত পজিটিভ, দিল্লীত তৃতীয় আৰু দেশত আক্ৰান্তৰ সংখ্যা ৮লৈ বৃদ্ধি

Monkeypox: দিল্লীত আকৌ এজন নাইজেৰিয়ান লোক মাংকীপক্সত পজিটিভ, দিল্লীত তৃতীয় আৰু দেশত আক্ৰান্তৰ সংখ্যা ৮লৈ বৃদ্ধি

Monkeypox: মাংকীপক্সৰ আতংকৰ পৰিপ্ৰেক্ষিতত দিল্লী চৰকাৰে তিনিখন ব্যক্তিগত চিকিৎসালয়ক এনে ৰোগীৰ বাবে কমেও ১০টা আইছ’লেচন কক্ষ সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছে।

Monkeypox: মাংকীপক্সৰ আতংকৰ পৰিপ্ৰেক্ষিতত দিল্লী চৰকাৰে তিনিখন ব্যক্তিগত চিকিৎসালয়ক এনে ৰোগীৰ বাবে কমেও ১০টা আইছ’লেচন কক্ষ সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছে।

Monkeypox: মাংকীপক্সৰ আতংকৰ পৰিপ্ৰেক্ষিতত দিল্লী চৰকাৰে তিনিখন ব্যক্তিগত চিকিৎসালয়ক এনে ৰোগীৰ বাবে কমেও ১০টা আইছ’লেচন কক্ষ সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছে।

  • Share this:
মঙলবাৰে দিল্লীত তৃতীয়টো মাংকীপক্স সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। নাইজেৰিয়াৰ এজন নাগৰিকৰ দেহত মাংকীপক্স পজিটিভ পোৱা গৈছে। দিল্লীত বাস কৰা এইজন নাইজেৰিয়ান লোকৰ জুনোটিক ৰোগত আক্ৰান্ত হোৱাৰ এদিন পিছতে এই কথা পজিটিভ পোৱা গৈছে। ইয়াৰ লগে লগে ভাৰতত মাংকীপক্সৰ সংক্ৰমণ ঘটনা ৮টালৈ বৃদ্ধি পালে।

ইফালে, কেৰালাত মঙলবাৰে আন এজন লোক মাংকীপক্সত আক্ৰান্ত হোৱাত ৰাজ্যখনত  সংক্ৰমণ পাঁচটালৈ বৃ্দ্ধি পালে। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে জনোৱা মতে, ২৭ জুলাইত ইউ এ ইৰ পৰা কোঝিকোডে বিমানবন্দৰত উপস্থিত হৈ মালাপপুৰমত চিকিৎসাধীন হৈ আছে ৩০ বছৰীয়া ৰোগীজন।

ৰাজধানী দিল্লীত নাইজেৰিয়াৰ এজন ৩৫ বছৰীয়া লোকৰ দেহত মাংকীপক্স পজিটিভ পোৱা গৈছিল। এবছৰ ধৰি দিল্লীত থকা লোকজনৰ বিদেশ বা স্থানীয় ভ্ৰমণৰ কোনো শেহতীয়া ইতিহাস নাই বুলি সংবাদ সংস্থা পিটিআয়েৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে। তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ।

মাংকীপক্সৰ আতংকৰ পৰিপ্ৰেক্ষিতত দিল্লী চৰকাৰে তিনিখন ব্যক্তিগত চিকিৎসালয়ক এনে ৰোগীৰ বাবে কমেও ১০টা আইছ’লেচন কক্ষ সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছে — ৫টা সন্দেহযুক্ত ৰোগীৰ বাবে আৰু ৫টা আইছ’লেচন ৰুম মাংকীপক্সত পজিটিভ ৰোগীৰ বাবে।

শেহতীয়াকৈ কেৰালাত মাংকীপক্সত দেশৰ প্ৰথমটো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, শেহতীয়াকৈ ইউ এ ইৰ পৰা উভটি অহা এজন ২২ বছৰীয়া যুৱকৰ দেহত মাংকীপক্স ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত শনিবাৰে মৃত্যু হয়।

“মাংকীপক্স কোনো মাৰাত্মক ৰোগ নহয়। মৃত্যু কেনেকৈ হ’ল আমি বিচাৰি উলিয়াব লাগিব। আমি চিকিৎসালয়ত ভৰ্তি হোৱাত কিয় পলম হৈছিল সেইটোও পৰীক্ষা কৰিম।’ জৰ্জে কৈছিল যে চিকিৎসকে তেওঁক কৈছিল যে মৃত লোকজন আন কিছুমান ৰোগতো আক্ৰান্ত হৈ আছিল।

শেহতীয়া বাতৰি