ভয়ংকৰ খোৱা পানীৰ সংকটৰ সৈতে যুঁজ দেশৰ বহু ৰাজ্যৰ, অসমতো উদ্বেগজনক ছবি

News18-Assam
Updated:August 31, 2019, 4:43 PM IST
ভয়ংকৰ খোৱা পানীৰ সংকটৰ সৈতে যুঁজ দেশৰ বহু ৰাজ্যৰ, অসমতো উদ্বেগজনক ছবি
নিউজ18ৰ জৰিয়তে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে পানীৰ সংকটৰ সৈতে যুঁজা ৰাজ্যসমূহে জল সংৰক্ষণক লৈ অধিক জোৰ দিয়াৰ পোষকতা কৰে। লগতে তেওঁ ভূমিগত জলৰ স্তৰক লৈও চিন্তা প্ৰকাশ কৰে। 

নিউজ18ৰ জৰিয়তে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে পানীৰ সংকটৰ সৈতে যুঁজা ৰাজ্যসমূহে জল সংৰক্ষণক লৈ অধিক জোৰ দিয়াৰ পোষকতা কৰে। লগতে তেওঁ ভূমিগত জলৰ স্তৰক লৈও চিন্তা প্ৰকাশ কৰে। 

  • Share this:
পানীৰ সংকটক লৈ কেন্দ্ৰত দ্বিতীয়বাৰলৈ শাসনভাৰ গ্ৰহণ কৰা নৰেন্দ্ৰী মোদী চৰকাৰে প্ৰকাশ কৰিছে অতি উদ্বিগ্নতা। এইকাৰণেই মোদী চৰকাৰে গঠন কৰিছে সুকীয়া জলশক্তি মন্ত্ৰালয়। এই মন্ত্ৰালয়ৰ জৰিয়তে ২০২৪চনলৈ প্ৰতিঘৰলৈ খোৱাপানী যোগানৰ লক্ষ্য লোৱা হৈছে। যোৱা সপ্তাহত নীতি আয়োগৰ তৰফৰ পৰা কম্পজিট ৱাটাৰ মেনেজমেণ্ট ইণ্ডেক্স জাৰি কৰা হয়। চিন্তা আৰু উদ্বিগ্নতাৰ মাজত নীতি আয়োগ আৰু জল শক্তি মন্ত্ৰালয়ে পৰিসংখ্যাৰ সহায়ত দেশত পানীৰ অৱস্থাৰ কথা প্ৰকাশ কৰিছে। এই ইণ্ডেক্স অনুসৰি বিগত তিনিবছৰত শতকৰা ৮০শতাংশ ৰাজ্যৰে অৱস্থা আগতকৈ ভাল।

ৰাজ্যসমূহৰ প্ৰদৰ্শন

ৱাটাৰ বডিজ সমূহক লৈ ভাল প্ৰদৰ্শন কৰা ৰাজ্যসমূহ হৈছে মধ্যপ্ৰদেশ, তেলেংগানা আৰু তামিলনাডু। সেইদৰে ভূমিগত জলস্তৰক লৈ অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, মধ্য প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ প্ৰদৰ্শন ভাল। আনহাতে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, ঝাৰখণ্ডৰ অৱস্থা চিন্তনীয়। ইয়াৰ লগতে চহৰ অঞ্চলত স্বচ্ছ খোৱা পানী যোগানৰ প্ৰসংগত মধ্য প্ৰদেশ, হিমাচল প্ৰদেশ, গুজৰাট, গোৱা আৰু উত্তৰাখণ্ড শীৰ্ষ স্থানত আছে। চিন্তনীয় অৱস্থা বিহাৰ আৰু অসমত।

গ্ৰামাঞ্চলত খোৱাপানী যোগানৰ ক্ষেত্ৰত হিমাচল প্ৰদেশ, পুডুচেৰী, গুজৰাটে ভাল প্ৰদৰ্শন কৰিছে। তাৎপৰ্যপূৰ্ণ যে খোৱাপানী যোগানক লৈ দিল্লীৰ প্ৰদৰ্শন বেয়া। নীতি আয়োগৰ চিইঅ’ অমিতাভ কান্তে কয় যে, পশ্চিম বংগ, মিজোৰাম, মণিপুৰ আৰু জম্মু কাশ্মীৰে জলৰ ক্ষেত্ৰত আয়োগৰ আগত নিজৰ স্থিতি পৰিষ্কাৰকৈ তুলি ধৰা নাই।

জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে কয় যে যিসমূহ ৰাজ্য পিছ পৰি ৰৈছে তাত পানী সংৰক্ষণত অধিক জোৰ দিয়াৰ প্ৰয়োজন আছে। শ্বেখাৱটে ভূমিগত জলৰ স্তৰক লৈও চিন্তা প্ৰকাশ কৰিছে। ৱাটাৰ মেনেজমেণ্টক লৈ জাৰি কৰা ইণ্ডেক্সৰ পৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সন্মিলিত ভাৱে তথ্য লৈ কাম কৰি যাব বুলি তেওঁ প্ৰকাশ কৰে।

মোদী চৰকাৰৰ লক্ষ্য

নীতি আয়োগৰ বিগত প্ৰতিবেদনত কোৱা হৈছিল যে চন ২০২০ লৈ দেশৰ ২১খন চহৰ ডে’ জিৰ’ হৈ পৰিব অৰ্থাৎ গ্ৰাউণ্ড ৱাটাৰৰ অৱস্থা এই চহৰসমূহত বেয়া। চৰকাৰৰ কাৰণে চিন্তাৰ বিষয় এয়া। এই সমস্যাৰ সৈতে যুঁজিবলৈকে কেন্দ্ৰই জল শক্তি মন্ত্ৰালয় পৃথককৈ গঠন কৰিছে। শীঘ্ৰেই চৰকাৰে জল জীৱন মিচনক লৈ আগন্তুক পদক্ষেপ গ্ৰহণ কৰিব। কেন্দ্ৰ আৰু ৰাজ্যই মিলি কাম কৰিবলগীয়া এই আঁচনিত মুঠ চাৰে তিনি লাখ কোটি টকাৰ ব্যয় ধাৰ্য কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading