Facebook LIVE কৰি যুৱকৰ আত্মহত্যা, কোঠাত উদ্ধাৰ কেইবাখনো ছুইচাইড নোট

দুদিন পূৰ্বে খবৰ ল’বলৈ অহা পিতৃৰ সৈতে কাজিয়া হৈছিল শুভাংকৰৰ। তাৰ বাবেই শুভাংকৰে আত্মহত্যা কৰিলে নেকি তাক লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

News18-Assam
Updated:August 12, 2019, 10:51 AM IST
Facebook LIVE কৰি যুৱকৰ আত্মহত্যা, কোঠাত উদ্ধাৰ কেইবাখনো ছুইচাইড নোট
দুদিন পূৰ্বে খবৰ ল’বলৈ অহা পিতৃৰ সৈতে কাজিয়া হৈছিল শুভাংকৰৰ। তাৰ বাবেই শুভাংকৰে আত্মহত্যা কৰিলে নেকি তাক লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
News18-Assam
Updated: August 12, 2019, 10:51 AM IST
দিল্লীৰ মেট্ৰ’ ৰে’ল কৰ্প’ৰেচনৰ এগৰাকী কৰ্মচাৰীয়ে দেওবাৰে নিজৰ ভাৰাঘৰত চিপ লৈ আত্মহত্যা কৰে। ফেচবুক লাইভ কৰি আত্মহননৰ পথ বাচি লয় কৰ্মচাৰীজনে। আৰক্ষীয়ে জনোৱা অনুসৰি, মৃত যুৱকজন পশ্চিম বংগৰ ২৪ পৰগনা জিলাৰ শুভাংকৰ চক্ৰৱৰ্তী।

আৰক্ষীৰ মতে, পূব শ্বাহদৰাৰ বাসিন্দা শুভাংকৰৰ কোঠাত উদ্ধাৰ হৈছে কেইবাখনো ছুইচাইড নোট। দুদিন পূৰ্বে খবৰ ল’বলৈ অহা পিতৃৰ সৈতে কাজিয়া হৈছিল শুভাংকৰৰ। তাৰ বাবেই শুভাংকৰে আত্মহত্যা কৰিলে নেকি তাক লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

ফেচবুক লাইভত শুভাংকৰক DMRCৰ পোছাক পিন্ধি কুলাৰৰ ওপৰত উঠা দেখা গৈছে। তেওঁ এবাৰ–দুবাৰ কেমেৰাৰ ফালে চাই চিপ লোৱাৰ পূৰ্বে কোম্পানীৰ পৰিচয় পত্ৰখনত দুবাৰ চুমা খাইছিল। সূত্ৰ অনুসৰি, শুভাংকৰে জুনত DMRCৰ চাকৰি আৰম্ভ কৰিছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি, শুভাংকৰৰ বন্ধু সূৰ্যকান্ত দাসে পুৱা প্ৰায় ৯.০৫ বজাত ঘটনাটো অৱগত কৰে। সূৰ্যকান্তই আৰক্ষীক জনায় যে তেওঁৰ বন্ধু আকাশে পুৱা প্ৰায় ৮ বজাত শুভাংকৰে চিপ লোৱা লাইভ ভিডিঅ’ প্ৰত্যক্ষ কৰিছিল বুলি জনাইছিল।

সূৰ্যকান্তই তেওঁৰ আন এজন বন্ধু ৰাজেন্দ্ৰ ওঝাক বিষয়টো জনাইছিল আৰু যেতিয়া তেওঁ শুভাংকৰৰ ভাৰাঘৰত উপস্থিত হৈছিল তেতিয়া কোঠাটো বন্ধ আছিল। খিৰিকীৰে জুমি চাই শুভাংকৰক চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰিছিল। ঘটনা সন্দৰ্ভত শুভাংকৰৰ পৰিয়ালক অৱগত কৰিছে আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি