দিল্লীত চলিব চালকবিহীন মেট্ৰ’ ৰে’ল! উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

পিএমঅ’ৰ পৰা বিবৃতিযোগে কোৱা হৈছে যে চালকবিহীন ৰে’ল সম্পূৰ্ণৰূপে স্বয়ংক্ৰিয়ভাৱে পৰিচালিত হ’ব আৰু একেবাৰে সুৰক্ষিত।
পিএমঅ’ৰ পৰা বিবৃতিযোগে কোৱা হৈছে যে চালকবিহীন ৰে’ল সম্পূৰ্ণৰূপে স্বয়ংক্ৰিয়ভাৱে পৰিচালিত হ’ব আৰু একেবাৰে সুৰক্ষিত।
- News18 Assam
- Last Updated: December 28, 2020, 9:22 AM IST
পিএমঅ’ৰ পৰা বিবৃতিযোগে কোৱা হৈছে যে চালকবিহীন ৰে’ল সম্পূৰ্ণৰূপে স্বয়ংক্ৰিয়ভাৱে পৰিচালিত হ’ব আৰু একেবাৰে সুৰক্ষিত। দিল্লী মেট্ৰ’ৰ মেজেণ্টা লাইনত (জনকপুৰী পশ্চিম–ব’টানিকেল গাৰ্ডেন) চালকবিহীন ৰে’লসেৱা আৰম্ভ কৰাৰ পিছত ২০২১ বৰ্ষৰ ভিতৰত পিংক লাইনত (মজলিছ পাৰ্ক–শিৱবিহাৰ) চালকবিহীন মেট্ৰ’ ৰে’ল সেৱা আৰম্ভ কৰা হ’ব বুলি আশা কৰা হৈছে। মেজেণ্টা লাইনত জনকপুৰী–ব’টানিকেল গাৰ্ডেন কৰিড’ৰত এই সেৱা আৰম্ভ হোৱাৰ লগে লগে ৩৭ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত দিল্লী–এনচিআৰৰ যাত্ৰীসকলে তেওঁলোকৰ সুবিধাৰ্থে অত্যাধুনিক সেৱা ব্যৱহাৰ কৰিব পাৰিব।
দিল্লীৰ মেট্ৰ’ ৰে’ল কৰ্প’ৰেশ্যনে এই নতুন প্ৰযুক্তি আৰম্ভ কৰাৰ লগে লগেই ডিএমআৰচিৰ নাম বিশ্বৰ শীৰ্ষস্থানীয় মেট্ৰ’ সেৱাসমূহৰ ভিতৰত অহাৰ সম্ভাৱনা আছে। ২০২২ বৰ্ষৰ জুনৰ ভিতৰত পিংক লাইনত ৫৭ কিলোমিটাৰ ব্যাসাৰ্ধত চালকবিহীন মেট্ৰ’ আৰম্ভ কৰা হ’ব বুলি আশা কৰা হৈছে। অহা বছৰলৈ মেট্ৰ’ ৰে’লেৰে যাতায়াতকাৰীসকলে ৯৯ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত চালকবিহীন মেট্ৰ’ত ভ্ৰমণৰ সুবিধা পাব। এয়া সমগ্ৰ বিশ্বৰ চালকবিহীন নেটৱৰ্কৰ প্ৰায় ৯ শতাংশ হ’ব।