IED Found in Delhi : গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত দিল্লীত IED উদ্ধাৰ। কথমপি প্ৰৰাণ ৰক্ষা পৰিল বহু লোকৰ
গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত দেশৰ ৰাজধানী দিল্লীত উদ্ধাৰ হৈছে শক্তিশালী IED. নতুন দিল্লীৰ পৰা মাত্ৰ ১৫ কিলোমিটাৰ ব্যসাৰ্ধত থকা গাজিপুৰ ফুলৰ বজাৰত পৰা উদ্ধাৰ কৰা হৈছে বোমাটো। এলেকাটোত ফুলৰ বিশাল বজাৰৰ লগতে আছে পাচলি বজাৰো। এখন ডাঙৰ মুৰ্গী মন্দীও আছে এই এলেকাটোত।
অধিক সংখ্যক লোকক হতাহত কৰাৰ লক্ষ্য কৰি এনে জনবহুল এলেকাত বোমাটো সংস্থাপন কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে।
আৰক্ষীয়ে সন্দেহ কৰা মতে গণৰাজ্য দিৱস আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচনক লক্ষ্য কৰি কূটাঘাটৰ পৰিকল্পনা কৰি বোমাটো স্থাপন কৰা হৈছিল। ইতিমধ্যে দিল্লী আৰক্ষীৰ বিশেষ কোষে এই সম্পৰ্কত এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
পিছত IEDটো বিস্ফোৰণ ঘটাই নিস্ক্ৰীয় কৰা হয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|