உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Delhi Metro Fire : ৰাজধানী দিল্লীৰ মেট্ৰ' ষ্টেচনত ভয়ংকৰ অগ্নিকাণ্ড, ২০ জনৰ মৃত্যু, বহু লোক আবদ্ধ হৈ থকাৰ আশংকা

    Delhi Metro Fire : ৰাজধানী দিল্লীৰ মেট্ৰ' ষ্টেচনত ভয়ংকৰ অগ্নিকাণ্ড, ২০ জনৰ মৃত্যু, বহু লোক আবদ্ধ হৈ থকাৰ আশংকা

    Delhi Metro Fire : ৰাজধানী দিল্লীৰ মেট্ৰ' ষ্টেচনত ভয়ংকৰ অগ্নিকাণ্ড

    Delhi Metro Fire : ৰাজধানী দিল্লীৰ মেট্ৰ' ষ্টেচনত ভয়ংকৰ অগ্নিকাণ্ড

    Delhi Metro Fire : ৰাজধানী দিল্লীৰ মেট্ৰ' ষ্টেচনত ভয়ংকৰ অগ্নিকাণ্ড

    • Share this:
    পশ্চিম দিল্লীৰ মুণ্ডকা মেট্ৰ' ষ্টেচনৰ ৫৪৪ নম্বৰৰ স্তম্ভৰ ওচৰৰ এটা তিনিমহলীয়া বাণিজ্যিক ভৱনত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কমেও ২০ জন লোকৰ মৃত্যু হৈছে আৰু আন কেইবাজনো লোক আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে।

    ভৱনটোৰ দুটা মহলাৰ পৰা প্ৰায় ৬০-৭০ জন লোকক উদ্ধাৰ কৰা হৈছে, আউটাৰ জিলাৰ আৰক্ষী উপায়ুক্ত সমীৰ শৰ্মাই কয়। জুই নুমুৱাবলৈ প্ৰায় ১০০ খন অগ্নি নিৰ্বাপক গাড়ী ঘটনাস্থলীত আছে। আঘাতপ্ৰাপ্ত নজন লোকক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।



    দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে যে তেওঁ ঘটনাস্থলীত উপস্থিত বিষয়াসকলৰ সৈতে অহৰহ যোগাযোগত আছে। "এই কৰুণ ঘটনাটো জানি আচৰিত আৰু বেদনা পাইছোঁ। মই নিৰন্তৰ বিষয়াসকলৰ সৈতে যোগাযোগ কৰি আছোঁ। আমাৰ সাহসী অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ আৰু জীৱন ৰক্ষা কৰিবলৈ যথাসাধ্য চেষ্টা কৰি আছে। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক," তেওঁ টুইট কৰে।

    শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে জনোৱা মতে ২৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।
    Published by:Manjumoni Borah
    First published: