দেশত এতিয়া ভেকচিনৰ নাটনি! কঠিন হৈ পৰিছে ১৮ৰ ঊৰ্ধ্বৰ লোকৰ টিকাকৰণ প্ৰক্ৰিয়া!

News18 Assam | News18-Assam
Updated:April 30, 2021, 1:56 PM IST
দেশত এতিয়া ভেকচিনৰ নাটনি! কঠিন হৈ পৰিছে ১৮ৰ ঊৰ্ধ্বৰ লোকৰ টিকাকৰণ প্ৰক্ৰিয়া!
তেনেস্থলত এই মুহূৰ্তত কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভেকচিন প্ৰদান কৰাটো অসম্ভৱ হৈ পৰিছে।

তেনেস্থলত এই মুহূৰ্তত কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভেকচিন প্ৰদান কৰাটো অসম্ভৱ হৈ পৰিছে।

  • Share this:
দেশত কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌয়ে সংহাৰৰ সৃষ্টি কৰি থকাৰ সময়তে এতিয়া কোৰোণা টিকাকৰণৰ নতুন পৰ্যায়ক লৈ অস্বস্তিত পৰিছে বহু ৰাজ্য চৰকাৰ। চৰকাৰে ১ মে'ৰ পৰা ১৮ বছৰৰ ঊৰ্ধ্বৰ বয়সৰ সকলো নাগৰিককে টিকাকৰণ কৰিবলৈ অনুমতি দিছে, যদিও ভেকচিনৰ উপলব্ধতাৰ বিষয়টোক লৈ অনিশ্চয়তাত আছে বহুতো ৰাজ্য। ইতিমধ্যে মহাৰাষ্ট্ৰ আৰু দিল্লীৰ দৰে ৰাজ্যই তেওঁলোকৰ ওচৰত পৰ্যাপ্ত পালি নথকাৰ কথাও উল্লেখ কৰিছে। তেনেস্থলত এই মুহূৰ্তত কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভেকচিন প্ৰদান কৰাটো অসম্ভৱ হৈ পৰিছে।

টিকাকৰণৰ নতুন পৰ্যায়ৰ বাবে অনলাইন পঞ্জীয়ন বুধবাৰে আৰম্ভ হৈছিল। প্ৰাৰম্ভিক কাৰিকৰী অসুবিধাৰ পিছত দেশৰ ১ কোটি ৩০ লাখ লোকে ভেকচিনৰ বাবে পঞ্জীয়ন কৰিছিল। কিন্তু এইকেইখন ৰাজ্যত ১ মে'ৰ পৰা আৰম্ভ নহ'ব তৃতীয় পৰ্যায়ৰ টিকাকৰণৰ প্ৰক্ৰিয়া।

১. শুকুৰবাৰৰ পৰা মুম্বাইত ৩ দিনৰ বাবে বন্ধ থাকিব টিকাকৰণ কাৰ্যসূচী। ভেকচিনৰ অভাৱৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কোৱা হৈছে। বিএমচিয়ে এক বিবৃতি জাৰি কৰি কয় যে ভেকচিনৰ অভাৱৰ বাবে ১৮ বছৰ বয়সৰ ঊৰ্ধ্বৰ লোকৰ টিকাকৰণ পলম হ'ব পাৰে। কিন্তু ৪৫ৰ ঊৰ্ধ্বৰ লোকৰ বাবে টিকাকৰণ অব্যাহত থাকিব।

২. দিল্লী চৰকাৰে জনায় যে তেওঁলোকে নিৰ্মাণ কোম্পানীৰ পৰা ভেকচিনৰ শেহতীয়া যোগানৰ বাবে অপেক্ষা কৰি আছে। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী তৈয়ন্দ্ৰ জৈনে এই সম্পৰ্কত কয় এনেদৰে, "আমাৰ ওচৰত এতিয়ালৈকে ভেকচিন নাই, কোম্পানী অনুৰোধ জনোৱা হৈছে, সেয়া আহি পোৱাৰ পিছতহে আপোনালোকক জনাম।

৩. মধ্য প্ৰদেশতো ১৮ বছৰ বয়সৰ ঊৰ্ধ্বৰ লোকসকলে ১ মে'ৰ পৰা কোৰোণা ভেকচিন লাভ নকৰিব। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই সম্পৰ্কত কয় যে,"আমি কোম্পানীবোৰক ক'ভিশ্বিল্ড আৰু ক'ভাক্সিন দুয়োটা ভেকচিনৰ অৰ্ডাৰ দিছিলো। কিন্তু যোগাযোগ কৰাত কোম্পানীয়ে কয় যে ভেকচিনৰ ড'জ ১ মে'ৰ ভিতৰত উপলব্ধ নহ'ব। সেয়েহে ভেকচিন উপলব্ধ হোৱাৰ লগে লগে টিকাকৰণৰ পৰৱৰ্তী পৰ্যায় আৰম্ভ কৰা হ'ব।"

৪. ঝাৰখণ্ডতো ১ মে'ৰ পৰা ১৮-৪৫ বছৰ বয়সৰ লোকসকলে কোৰোণা ভেকচিন ল'ব নোৱাৰিব। ঝাৰখণ্ডই ভাৰত বায়'টেক আৰু চিৰামৰ পৰা ২৫-২৫ লাখ ভেকচিনৰ অৰ্ডাৰ দিছে। কিন্তু ভেকছিন নিৰ্মাণকাৰী কোম্পানীবোৰে এতিয়া ভেকচিন প্ৰদান কৰিবলৈ হাত দাঙি দিছে। স্বাস্থ্য মন্ত্ৰী বান্না গুপ্তাই বৃহস্পতিবাৰে এক সংবাদমেলত কয় যে কোম্পানীবোৰক কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ সম্পূৰ্ণ কৰিবলৈ ১৫ৰ পৰা ২০ মে'লৈ সময় লাগিব। তেনেস্থলত ঝাৰখণ্ডে ১ মে'লৈকে ভেকচিন লাভ কৰাটো অসম্ভৱ।

৫. বিহাৰতো একেই পৰিস্থিতি। তৃতীয় পৰ্যায়ৰ টীকাকৰণ ১ মে'ৰ পৰা বিহাৰতো আৰম্ভ নহ'ব। ভেকচিনৰ অভাৱৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। ৫.৪৬ কোটি লোকক টিকাকৰণ কৰিব লাগিব। অৱশ্যে, পঞ্জীয়ন অব্যাহত থাকিব।

৬. ইপিনে গুজৰাটে শীঘ্ৰেই চিৰাম প্ৰতিষ্ঠানৰ পৰা ২০ নিযুত ক'ভিশ্বিল্ড আৰু ভাৰত বায়'টেকৰ পৰা ৫০ লাখ কোভেকচিনৰ পালি লাভ কৰিব। গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানীয়ে বৃহস্পতিবাৰে এই সম্পৰ্কত কয়, "ভেকচিনৰ সামগ্ৰী আমাৰ ওচৰলৈ অহাৰ লগে লগে ৰাজ্যখনৰ সকলো লোকক তেওঁলোকৰ টিকাকৰণ সম্পন্ন কৰিবলৈ মই অনুৰোধ জনাইছো। ১৫ দিনৰ ভিতৰত আমাৰ হাতলৈ ভেকচিনৰ ষ্টক আহিব যদিও ১ মে'ৰ পৰা ১৮ বছৰৰ অধিক বয়সৰ লোকক টিকাকৰণৰ বাবে কোনো ভেকচিন নাই।’’

৭. তামিলনাডুয়েও ১.৫ কোটি ড'জৰ অৰ্ডাৰ দিছে, কিন্তু সূত্ৰ অনুসৰি শনিবাৰৰ পৰা ১৮-৪৫বছৰ বয়সৰ লোকৰ টিকাকৰণক লৈ অনিশ্চয়তাত আছে ৰাজ্য চৰকাৰ।

৮. আনফালে ৰাজস্থানেও ভেকচিনৰ অভাৱৰ সন্মুখীন হৈছে। ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ৰঘু শৰ্মাই কয় এনেদৰে, ভেকচিন নিৰ্মাতাসকলে জনাইছে যে তেওঁলোকে ১৫ মে'ৰ পূৰ্বে যোগান তৈয়াৰ কৰিব নোৱাৰিব। আমাৰ হাতত কোনো ভেকচিন নাই। তেনেস্থলত আমাক ১৮ৰ ঊৰ্ধ্বৰ লোকৰ টিকাকৰণৰ বাবে সাত কোটি ভেকচিনৰ প্ৰয়োজন, কিন্তু আমি ইয়াক সময়মতে পোৱা উচিত। ৰাজস্থানৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আমি চিৰাম ইনষ্টিটিউটৰ সৈতে কথা পাতিছো আৰু তেওঁলোকক ৩.৭৫ কোটি পালি দিবলৈ কৈছো। কিন্তু যিহেতু তেওঁলোকে প্ৰথমে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ পূৰণ কৰিব লাগিব, সেয়েহে তেওঁলোকে বৰ্তমান আমাক ভেকচিন দিব নোৱাৰে।
Published by: Sanjay Kumar Das
First published: April 30, 2021, 1:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি