‘লাগিলে মোক গুলীয়াই মাৰক, মই কৰা কামক লৈ মই অনুতপ্ত নহয়’

News18 Assam | News18-Assam
Updated:January 31, 2020, 12:08 PM IST
‘লাগিলে মোক গুলীয়াই মাৰক, মই কৰা কামক লৈ মই অনুতপ্ত নহয়’
বৃহস্পতিবাৰে জামিয়াত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ত এগৰাকী ছাত্ৰক গুলীয়াই আহত কৰে এইজন যুৱকে। আৰক্ষীৰ উপস্থিতিতে ৰাজপথত গুলীচালনা কৰে কিশোৰজনে।

বৃহস্পতিবাৰে জামিয়াত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ত এগৰাকী ছাত্ৰক গুলীয়াই আহত কৰে এইজন যুৱকে। আৰক্ষীৰ উপস্থিতিতে ৰাজপথত গুলীচালনা কৰে কিশোৰজনে।

  • Share this:
‘মই কৰা কামৰ বাবে মই অকণো অনুতপ্ত নহয়, লাগিলে মোক এনকাউণ্টাৰ কৰি দিয়ক’ – এই মন্তব্য দিল্লীৰ জামিয়াত গুলীচালনা কৰা কিশোৰৰ। উল্লেখযোগ্য যে বৃহস্পতিবাৰে জামিয়াত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ত এগৰাকী ছাত্ৰক গুলীয়াই আহত কৰে এজন যুৱকে। যুৱকজনে মুকলিকৈ পিষ্টল দেখুৱাই প্ৰতিবাদকাৰীক গুলীয়াই দিয়াৰ ভাবুকি দিয়াৰ সময়ত উপস্থিত আছিল আৰক্ষীৰ দলো। আৰক্ষীৰ উপস্থিতিতে ৰাজপথত গুলীচালনা কৰে কিশোৰজনে। এই গুলীচালনাত আহত হয় এজন ছাত্ৰ। পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক।

আৰক্ষীৰ সূত্ৰ অনুসৰি, জেৰাত কিশোৰজনে স্বীকাৰ কৰে যে বৃহস্পতিবাৰে দুপৰীয়া ১১ বজাত জামিয়াত উপস্থিত হৈছিল। বাছেৰে দিল্লীলৈ আহিছিল যুৱকজন। প্ৰথমবাৰলৈ দিল্লীলৈ অহা বুলি উল্লেখ কৰা কিশোৰজনে কোনো সংগঠনৰ সৈতে জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে। এই কাণ্ড সংঘটিত কৰিবলৈয়ে এজন লোকৰ পৰা আনিছিল ৰিভলভাৰটো।

জেৰাত স্বীকাৰ কৰা অনুসৰি, ২০১৮ চনত উত্তৰ প্ৰদেশৰ কাছগঞ্জত সংঘটিত নাবালক চন্দন গুপ্তাৰ হত্যাৰ প্ৰতিশোধ ল’ব বিচাৰিছিল কিশোৰজনে। আচৰিত কথাটো হ’ল চন্দন গুপ্তাৰ সৈতে কোনো সম্পৰ্ক নাই কিশোৰজনৰ। ছচিয়েল মিডিয়াতহে দেখিছিল চন্দন গুপ্তাৰ ভিডিঅ’। অভিযুক্ত কিশোৰজনে আৰক্ষীৰ জেৰাত কয় যে এই কামৰ বাবে তেওঁ অকণো অনুতপ্ত নহয়। লাগিলে তেওঁক গুলীয়াই মাৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি