উল্লেখ্য যে শনিবাৰে দিল্লীৰ জাহাংগীৰপুৰীত হনুমান জয়ন্তীৰ শোভাযাত্ৰা (Religious Procession)ত হোৱা হিংসাত্মক ঘটনাত ৮ জন আৰক্ষী কৰ্মী আৰু ১ জন অসামৰিক লোকসহ ৯ জন লোক আহত হৈছিল। তেওঁলোক এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এজন আৰক্ষী উপ-পৰিদৰ্শক গুলীত আঘাতপ্ৰাপ্ত হৈছিল। তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ।
এজাহাৰত লিখা মতে শোভাযাত্ৰা শান্তিপূৰ্ণভাৱে চলি আছিল; যেতিয়া শোভাযাত্ৰা চি-ব্লকৰ মছজিদৰ ওচৰত উপস্থিত হৈছিল, এজন ব্যক্তিয়ে তেওঁৰ ৪-৫ জন লোকৰ সৈতে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলৰ সৈতে তৰ্ক আৰম্ভ কৰিছিল। পিছত, দুয়োপক্ষৰ পৰা শিল নিক্ষেপ আৰম্ভ হয়।
ধৰ্মীয় শোভাযাত্ৰাৰ নিৰাপত্তাত নিয়োজিত আৰক্ষীয়ে দুয়োটা গোটক পৃথক কৰিছিল যদিও কিছু সময়ৰ পিছত দুয়োপক্ষৰ মাজত পুনৰ সংঘৰ্ষ আৰম্ভ হৈছিল। হনুমান জয়ন্তী উপলক্ষে শিলগুটি নিক্ষেপ কৰি সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছিল বুলি এজাহাৰত অভিযোগ কৰা হৈছে।