• Home
  • »
  • News
  • »
  • nation
  • »
  • স্বামী–স্ত্ৰী হিচাপে একেলগে থকা দুগৰাকী প্ৰাপ্তবয়স্ক লোকৰ জীৱনত হস্তক্ষেপ কৰিব নোৱাৰে কোনো তৃতীয় ব্যক্তিয়ে : দিল্লী উচ্চ ন্যায়ালয়

স্বামী–স্ত্ৰী হিচাপে একেলগে থকা দুগৰাকী প্ৰাপ্তবয়স্ক লোকৰ জীৱনত হস্তক্ষেপ কৰিব নোৱাৰে কোনো তৃতীয় ব্যক্তিয়ে : দিল্লী উচ্চ ন্যায়ালয়

আদালতে শেহতীয়া নিৰ্দেশনাত কয়, ‘আমাৰ ফ্ৰেমৱৰ্কৰ অধীনত সাংবিধানিক আদালতে নাগৰিকৰ সুৰক্ষাৰ বাবে নিৰ্দেশ জাৰি কৰাৰ অধিকাৰ আছে।’

আদালতে শেহতীয়া নিৰ্দেশনাত কয়, ‘আমাৰ ফ্ৰেমৱৰ্কৰ অধীনত সাংবিধানিক আদালতে নাগৰিকৰ সুৰক্ষাৰ বাবে নিৰ্দেশ জাৰি কৰাৰ অধিকাৰ আছে।’

আদালতে শেহতীয়া নিৰ্দেশনাত কয়, ‘আমাৰ ফ্ৰেমৱৰ্কৰ অধীনত সাংবিধানিক আদালতে নাগৰিকৰ সুৰক্ষাৰ বাবে নিৰ্দেশ জাৰি কৰাৰ অধিকাৰ আছে।’

  • Share this:
দিল্লী উচ্চ ন্যায়ালয়ে নিজৰ এক সিদ্ধান্তত কয় যে পৰিয়ালৰ সদস্যসহ কোনো তৃতীয় ব্যক্তিয়ে স্বামী–স্ত্ৰী হিচাপে একেলগে থকা দুগৰাকী প্ৰাপ্তবয়স্কৰ জীৱনত হস্তক্ষেপ কৰিব নোৱাৰে আৰু বিবাহিত যুটীক ৰক্ষা কৰাটো ৰাজ্যৰ সাংবিধানিক দায়িত্ব। ন্যায়াধীশ তুষাৰ ৰাও গেডেলাই কয় যে এয়া সুনিশ্চিত কৰা ৰাজ্য আৰু শাসন যন্ত্ৰৰ দায়িত্ব, দেশৰ নাগৰিকক কোনো ক্ষতি নোহোৱাকৈ আৰু সাংবিধানিক আদালতৰ এনে নাগৰিকক ৰক্ষা কৰাৰ বাবে নিৰ্দেশ জাৰি কৰাৰ অধিকাৰ আছে, যিসকলৰ নিজৰ জীৱনক লৈ কোনো সংশয় থাকে।

এহাল দম্পতীৰ আবেদনৰ ভিত্তিত আদালতে এই সিদ্ধান্ত সদৰি কৰে, য’ত দাবী কৰা হৈছিল যে পৰিয়ালৰ সন্মতিৰ বিৰুদ্ধে গৈ বিয়া পতাৰ পিছৰে পৰা তেওঁলোকে ভয়ত বিভিন্ন হোটেলত বাস কৰিছিল আৰু যেতিয়ালৈ তেওঁলোকক ৰক্ষা কৰা নহয়, তেতিয়ালৈ শান্তি নাপাব। আবেদনকাৰী মহিলাগৰাকীয়ে আদালতক কয় যে তেওঁৰ পিতৃ উত্তৰ প্ৰদেশত ৰাজনৈতিকভাৱে প্ৰভাৱশালী ব্যক্তি আৰু ৰাজ্যৰ প্ৰশাসন যন্ত্ৰক প্ৰভাৱিত কৰিব পৰা ক্ষমতা আছে। মহিলাগৰাকীয়ে নিজৰ আবেদনত আদালতক জনায় যে তেওঁ নিজৰ ঘৰ ত্যাগ কৰিছে, কিয়নো তেওঁৰ পিতৃ–মাতৃ আৰু পৰিয়ালৰ আন সদস্যই তেওঁলোকৰ সম্পৰ্কক লৈ প্ৰতাৰণা আৰু হাৰাশাস্তি কৰিছিল।

দিল্লী আৰক্ষীক নিৰাপত্তা প্ৰদানৰ নিৰ্দেশ

ন্যায়াধীশ গেডেলাই দিল্লী আৰক্ষীৰ বিষয়াক নিৰ্দেশ দিয়ে যে যদি কোনো প্ৰাপ্তবয়স্ক আবেদনকাৰী (মহিলা আৰু তেওঁৰ প্ৰেমিক)ৰ পৰা ভাবুকিৰ কোনো অভিযোগ আহে, বা কোনো সম্ভাৱিত বিপদক লৈ আপাতকালীন কল কৰে, তেন্তে শীঘ্ৰে আৰক্ষী উপস্থিত হোৱা উচিত। আদালতে কয়, ‘আমাৰ বিচাৰ এয়াই যে ৰাজ্যৰ নিজৰ নাগৰিকৰ সুৰক্ষাৰ বাবে এক সাংবিধানিক দায়িত্ব আছে। বিশেষকৈ নিজৰ ইচ্ছা অনুসৰি বিয়া হোৱা দুই প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত, লাগিলে সেয়া যিকোনো জাতি বা সম্প্ৰদায়ৰ হওক।

দিল্লী উচ্চ ন্যায়ালয়ে কি ক’লে নিৰ্দেশনাত?

আদালতে শেহতীয়া নিৰ্দেশনাত কয়, ‘আমাৰ ফ্ৰেমৱৰ্কৰ অধীনত সাংবিধানিক আদালতে নাগৰিকৰ সুৰক্ষাৰ বাবে নিৰ্দেশ জাৰি কৰাৰ অধিকাৰ আছে। বিশেষকৈ বিবাদ সম্বন্ধীয় গোচৰত। যেতিয়া প্ৰাপ্তবয়স্ক দুজন লোকে স্বামী আৰু স্ত্ৰী হিচাপে একেলগে থকাৰ বাবে সহমত প্ৰকাশ কৰে তাত পৰিয়ালসহ কোনো তৃতীয় পক্ষই হস্তক্ষেপ কৰিব নোৱাৰে। আমাৰ সংবিধানে এয়া সুনিশ্চিত কৰে।’
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি