মুখ্যপৃষ্ঠা »খবৰ »দেশ »Shahnawaz Hussain : ফাৰ্মহাউছত নিচাযুক্ত দ্ৰব্য খুৱাই ধৰ্ষণৰ অভিযোগ মহিলাৰ, বিজেপি নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

Shahnawaz Hussain : ফাৰ্মহাউছত নিচাযুক্ত দ্ৰব্য খুৱাই ধৰ্ষণৰ অভিযোগ মহিলাৰ, বিজেপি নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ত তেওঁৰ ৩০ বছৰীয়া ৰাজহুৱা জীৱনৰ দোহাই দি এই বিষয়ত আগতীয়া শুনানিৰ অনুৰোধ জনায়।

উচ্চতম ন্যায়ালয়ত তেওঁৰ ৩০ বছৰীয়া ৰাজহুৱা জীৱনৰ দোহাই দি এই বিষয়ত আগতীয়া শুনানিৰ অনুৰোধ জনায়।

  • Share this:
ধৰ্ষণৰ অভিযোগত অভিযুক্ত বিজেপি নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিলে দিল্লী উচ্চ ন্যায়ালয়ে। প্ৰাক্তন মন্ত্ৰী, বিজেপি নেতা শ্বাহনৱাজ হুছেইনৰ বিৰুদ্ধে ধৰ্ষণকে ধৰি অন্য ধাৰাত গোচৰ তৰিবলৈ নিৰ্দেশ দিয়ে আদালতে। ইয়াৰ লগতে তিনি মাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিবলৈও আৰক্ষীক নিৰ্দেশনা দিয়ে দিল্লী উচ্চ ন্যায়ালয়ে।

উল্লেখ্য, ছাতৰপুৰ ফাৰ্ম হাউছত ধৰ্ষণ কৰি হত্যা কৰাৰ ভাবুকি দিয়া বুলি এগৰাকী মহিলাই নিম্ন আদালতত এখন আবেদন দাখিল কৰি হুছেইনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰত এফ আই আৰ দাখিল কৰিবলৈ অনুৰোধ জনাইছিল। ২০১৮ চনৰ জানুৱাৰী মাহত দিল্লীৰ এগৰাকী ভুক্তভোগী মহিলাই তেওঁক ফাৰ্মহাউছলৈ মাতি শীতল পানীয়ত নিচাযুক্ত দ্ৰব্য মিহলাই ধৰ্ষণ কৰাৰ কথা উল্লেখ কৰি নিম্ন আদালতত এই আবেদন জনাইছিল।

কিন্তু আৰক্ষীয়ে এই বিষয়ত কোনো এজাহাৰ দাখিল নকৰাত বিষয়টো দিল্লী উচ্চ ন্যায়ালয়ৰ মজিয়া পায়। উচ্চ ন্যায়ালয়খনে সকলো দিশ নিৰীক্ষণ কৰি মহিলাগৰাকীৰ অভিযোগৰ ভিত্তি থকা বুলি উল্লেখ কৰি আৰক্ষীক বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

এতিয়া উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত বিজেপি নেতা শ্বাহনৱাজ হুছেইনে এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিছে। উচ্চতম ন্যায়ালয়ত তেওঁৰ ৩০ বছৰীয়া ৰাজহুৱা জীৱনৰ দোহাই দি এই বিষয়ত আগতীয়া শুনানিৰ অনুৰোধ জনায়। কিয়নো আৰক্ষীয়ে এজাহাৰ দাখিল কৰিলে তেওঁৰ এই আবেদনৰ কোনো মূল্য নাথাকিব। উচ্চতম ন্যায়ালয়ে এই অনুৰোধ একপ্ৰকাৰ উপেক্ষা কৰি অহা সপ্তাহত শুনানি গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে।

উল্লেখ্য শ্বাহনৱাজ হুছেইন বিহাৰৰ জেডিইউ–বিজেপি মিত্ৰজোঁটৰ মন্ত্ৰী আছিল। ইয়াৰ লগতে তেওঁ তিনিবাৰ কিষাণগঞ্জৰ পৰা সাংসদ ৰূপে নিৰ্বাচিত হৈছিল আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ববাহীও আছিল।

শেহতীয়া বাতৰি