আন এটা শুনানিত তেওঁ ভুক্তভোগীক তৎক্ষণাত আশ্ৰয় আৰু চিকিৎসা সেৱা প্ৰদান কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যক নির্দেশ দিছিল। ন্যায়াধীশ মুৰুলীধৰণে ন্যায়াধীশ তলৱন্ত সিঙৰ সৈতে এখন খণ্ড বিচাৰপীঠত বহিছিল।
অৱশ্যে ১২ ফেব্ৰুৱাৰীতে ন্যায়াধীশ মুৰুলীধৰণৰ লগতে ন্যায়াধীশ ৰঞ্জিত মোৰেক বোম্বে উচ্চ ন্যায়ালয়ৰ পৰা মেঘালয় উচ্চ ন্যায়ালয়লৈ আৰু ন্যায়াধীশ আৰ কে মালিমাথক কৰ্ণাটকৰ পৰা উত্তৰাখণ্ডলৈ বদলিৰ অনুমোদন জনাইছিল উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে। কিন্তু কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ৰ ন্যায়াধীশ মুৰুলীধৰণৰ বদলিৰ ৰাজপত্ৰিত জাননী জাৰি কৰাৰ সময়ক সকলোৱে সন্দেহৰ চকুৰে চাইছে।
উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰুণা ভূঞাৰ মতে কেন্দ্ৰৰ এই জাননী উদ্দেশ্যপ্ৰণোদিত; পিছদিনা অর্থাৎ আজি পুনৰ শুনানি আছিল য’ত দিল্লী আৰক্ষীয়ে নিজৰ স্থিতি স্পষ্ট কৰাৰ কথা আছিল এটা অতি সংবেদনশীল বিষয়ত। কিন্তু তেওঁক নিশাটোৰ ভিতৰতে বদলি কৰা হ’ল; তাকে নকৰি কেন্দ্ৰীয় চৰকাৰে আৰু এটা–দুটা দিন ৰাখিব পাৰিলেহেঁতেন।