মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে উত্তৰ পূব দিল্লীত সংঘটিত হোৱা সংঘৰ্ষৰ অন্যতম অভিযুক্ত দেবাংগনা কলিতাক একাধিক গোচৰত জামিন প্ৰদান কৰে। ন্যায়াধীশ সুৰেশ কুমাৰ কেইটৰে গঠিত এখন এজনীয়া বিচাৰপীঠে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰীগৰাকীক জামিন প্ৰদান কৰে।
যোৱা ২১ আগষ্টত দিল্লী আৰক্ষীয়ে দেবাংগনা কলিতাৰ জামিন আবেদনৰ দিল্লী উচ্চ ন্যায়ালয়ত হোৱা শুনানিকালত অভিযুক্তৰ বিৰুদ্ধে প্ৰৰোচনামূলক ভাষণ প্রদান কৰাৰ কোনো অডিঅ’ তথা ভিডিঅ’ নাই বুলি সদৰী কৰিছিল। ন্যায়াধীশ কেইটে দেবাংগনাই প্ৰতিবাদকাৰীক এনে কি কথা ক’লে যাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হ’ল সেয়া জানিব বিচাৰিছিল। দিল্লী আৰক্ষীৰ অধিবক্তা ASG এছ ভি ৰাজুয়ে তেতিয়া কৈছিল – তেনে কোনো অডিঅ’, ভিডিঅ’ আৰক্ষীৰ হাতত নাই। কিন্তু তেওঁ দাবী কৰিছিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰীগৰাকীয়ে ১০ হাজাৰ প্ৰতিবাদকাৰীৰ সন্মুখত প্ৰৰোচনামূলক ভাষণ প্ৰদান কৰিছিল যি এজন কৰ্তব্যৰত আৰক্ষীয়ে শুনিছিল কিন্তু ৰেকৰ্ড কৰিব নোৱাৰিলে। তেওঁ লগতে দাবী কৰিছিল, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ সময়ত দেশৰ গৰিমা ম্লান কৰিবলৈ এইয়া সুপৰিকল্পিত ষড়যন্ত্ৰ আছিল।
আনহাতে, দেবাংগনাক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা কপিল ছিবলে কৈছিল – গৱেষক ছাত্ৰীগৰাকীয়ে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছিল। ইতিমধ্যে আন দুটা গোচৰত তেওঁ জামিন লাভ কৰিছে বুলিও আদালতক জানিবলৈ দিছিল অধিবক্তাগৰাকীয়ে।
অৱশ্যে মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হোৱা নাই গৱেষক ছাত্ৰীগৰাকীৰ; এতিয়াও UAPA গোচৰত জামিন পাবলৈ বাকী কলিতাই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 01, 2020, 13:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।