দিল্লীৰ হিংসাৰ সময়ত আৰক্ষীৰ নিষ্ক্ৰিয়তাকলৈ প্ৰশ্ন কৰা দিল্লী HCৰ ন্যায়াধীশক নিশাৰ ভিতৰত কৰা হ’ল বদলি
দিল্লীৰ হিংসাৰ সময়ত আৰক্ষীৰ নিষ্ক্ৰিয়তাকলৈ প্ৰশ্ন কৰা দিল্লী HCৰ ন্যায়াধীশক নিশাৰ ভিতৰত কৰা হ’ল বদলি
অগ্নিগৰ্ভা দিল্লী। নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত হোৱা সংঘৰ্ষৰ ভয়ংকৰ ৰূপ। উত্তৰ পূৱ দিল্লীত সংঘৰ্ষৰ ফলত ইতিমধ্যে প্ৰাণ গ’ল ৩৪জন লোকৰ।
এনে এক স্পৰ্শকাতৰ সময়তে, বুধবাৰে মাজ নিশা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ মুৰুলীধৰক পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়। লগে লগে বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰে বিৰোধীয়ে।
ন্যায় ব্যৱস্থাৰ মুখ বন্ধ কৰিবলৈকে এনেদৰে ন্যায়াধীশগৰাকীক বদলি কৰা হ’ল বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। কিন্তু প্ৰিয়ংকাৰ অভিযোগ খণ্ডন কৰি কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ন্যায়াধীশগৰাকীৰ বদলি নিয়মমাফিক বুলি উল্লেখ কৰে।
উল্লেখযোগ্য যে,দিল্লীত অব্যাহত থকা হিংসাৰ সময়ত আৰক্ষীৰ নিষ্ক্ৰিয়তাক লৈ প্ৰশ্ন কৰিছিল ন্যায়াধীশগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|