বিবাহিত মহিলাসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰা বুলি আবেদন জনোৱা হৈছিল উচ্চ ন্যায়ালয়ত বিবাহিত মহিলাসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰা বুলি আবেদন জনোৱা হৈছিল উচ্চ ন্যায়ালয়ত বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে নহয়, ইয়াকে লৈ দিল্লী উচ্চ ন্যায়ালয়ে (Delhi High Court) কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে। উচ্চ ন্যায়ালয়খনৰ দুই ন্যায়াধীশৰ বিচাৰপীঠে বৈবাহিক ধৰ্ষণৰ ওপৰত পৃথক ৰায় দিয়ে। এনে পৰিপ্ৰেক্ষিতত এই বিষয়টোৰ ওপৰত কোনো নিৰ্দিষ্ট মত পোৱা নগ'ল।
ন্যায়াধীশ ৰাজীৱ শাকধৰে (Justice Rajiv Shakdher) বৈবাহিক ধৰ্ষণক অপৰাধ বুলি অভিহিত কৰিছিল। একে সময়তে, ন্যায়াধীশ চি. হৰিশংকৰে ইয়াক অপৰাধ বুলিবলৈ সন্মত হোৱা নাছিল। যেতিয়া সিদ্ধান্তটোৰ ওপৰত একমত হোৱা নাছিল, দুয়োজন ন্যায়াধীশে বিষয়টোৰ সমাধান উচ্চতম ন্যায়ালয়ত হোৱাটো বিচাৰে।
আবেদনকাৰীসকলে আইপিচিৰ ধাৰা ৩৭৫ (ধৰ্ষণ)ৰ অধীনত বৈবাহিক ধৰ্ষণক (Marital Rape) প্ৰত্যাহ্বান জনাইছিল এইবুলি যে ই বিবাহিত মহিলাসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰে, যিসকলক তেওঁলোকৰ স্বামীয়ে যৌন নিৰ্যাতন কৰে।
আইপিচিৰ ধাৰা ৩৭৫ক লৈ অভিযোগ আছে যে ই বৈবাহিক ধৰ্ষণক অপৰাধৰ শ্ৰেণীৰ পৰা বাদ দিয়ে আৰু দেখুৱাই যে বৈবাহিক সম্পৰ্কত এজন পুৰুষৰ দ্বাৰা তেওঁৰ পত্নীৰে বলপূৰ্বক যৌন সম্ভোগ কৰাটো ধৰ্ষণ নহয়।
Published by: Gautam Barman
First published: May 11, 2022, 19:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|