মুখ্যপৃষ্ঠা »খবৰ »দেশ »আৰম্ভ হৈছে কোৰোণাৰ দ্বিতীয় ঢৌ! আকৌ ল’ক ডাউনৰ চিন্তা-চৰ্চা

আৰম্ভ হৈছে কোৰোণাৰ দ্বিতীয় ঢৌ! আকৌ ল’ক ডাউনৰ চিন্তা-চৰ্চা

দেশত কোৰোণাৰ সংক্ৰমণ হ্ৰাস পাইছিল যদিও যোৱা ১৮ নৱেম্বৰৰ পৰা পুনৰ  ঠায়ে ঠায়ে দ্ৰুত গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা।

দেশত কোৰোণাৰ সংক্ৰমণ হ্ৰাস পাইছিল যদিও যোৱা ১৮ নৱেম্বৰৰ পৰা পুনৰ  ঠায়ে ঠায়ে দ্ৰুত গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা।

  • Share this:
দেশত কোৰোণাৰ সংক্ৰমণ হ্ৰাস পাইছিল যদিও যোৱা ১৮ নৱেম্বৰৰ পৰা পুনৰ  ঠায়ে ঠায়ে দ্ৰুত গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজধানী নতুন দিল্লীত কোৰোণাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে।  সেইদৰে কেৰালা, মহাৰাষ্ট্ৰতো বাঢ়িছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

কোৰোণাৰ ভয়াৱহতালৈ চাই ৰাজধানী দিল্লীত পুনৰ ল’ক ডাউন বলৱত্‍ৰ চিন্তা চৰ্চা কৰিছে কেজৰিৱাল চৰকাৰে। ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয়ত এই কথা জনাইছে দিল্লী চৰকাৰে। কেৱল ল’ক ডাউনেই নহয়, সান্ধ্য আইন জাৰি কৰাৰ সপক্ষেও অৱগত কৰিছে উচ্চ ন্যায়ালয়ক।

যোৱা ২৪ ঘণ্টাত দিল্লীত কোৰোণাত আক্ৰান্ত হ’ল ৫,৮৭৯ জন। সেইদৰে ১১ জনে সাৱটি ল’লে মৃত্যু। কেৱল দিল্লীতে নহয়, মহাৰাষ্ট্ৰতো বৰ্তমান পৰিৱেশ অতি ভয়াৱহ। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৫,৮৭৯ জন লোকৰ দেহত ধৰা পৰে কোৰোণাৰ অৱস্থিতি। গতিকে পৰিস্থিতি যাতে ইয়াতকৈ অধিক শোচনীয় অৱস্থালৈ নাযায়. সেই কথা লক্ষ্য ৰাখি পুনৰ এবাৰ দিল্লীত ল’ক ডাউনৰ পোষকতা কৰিছে ৰাজ্য চৰকাৰে।

শেহতীয়া বাতৰি