বুধবাৰে সন্ধিয়া দিল্লীৰ পৰা কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুলৈ উৰা মৰা ইণ্ডিগ’ৰ আকাশীযানত ঘটিল এক বিৰল ঘটনা।
বুধবাৰে সন্ধিয়া দিল্লীৰ পৰা কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুলৈ উৰা মৰা ইণ্ডিগ’ৰ আকাশীযানত ঘটিল এক বিৰল ঘটনা।
বুধবাৰে সন্ধিয়া দিল্লীৰ পৰা কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুলৈ উৰা মৰা ইণ্ডিগ’ৰ আকাশীযানত ঘটিল এক বিৰল ঘটনা। ‘6E 122’ নম্বৰৰ বিমান খনত হঠাৎ বুধবাৰে সন্ধিয়া আকাশমাৰ্গতে হৈ-চৈ লাগিল। এগৰাকী গৰ্ভৱতী মহিলা যাত্ৰীয়ে প্ৰসৱ বেদনাত চিঞৰিবলৈ আৰম্ভ কৰিলে। তেনেতে আহিল এক ঘোষণা– কোনো যাত্ৰী যদি চিকিৎসক তেন্তে আগবাঢ়ি আহক।
লগে লগে এগৰাকী চিকিৎসক আগবাঢ়ি আহিল আৰু তৎক্ষণাৎ Cabin Crewৰ সহযোগত এক প্ৰসৱ স্থান গঢ়ি তোলা হ’ল। আৰম্ভ হ’ল স্বাভাৱিক প্ৰসৱৰ প্ৰক্ৰিয়া। বিমানখনত বিৰাজ কৰিলে উৎকণ্ঠা। আৰু চিকিত্সক, Cabin Crewৰ প্ৰচেষ্টাত আকাশ মাৰ্গতে মহিলাগৰাকীয়ে জন্ম দিলে এটি পুত্ৰ সন্তান।
সকলো যাত্ৰীয়ে হাত চাপৰি বজাই স্বাগতম জনালে নৱজাতকক। বিমানচালকে নৱজাতকক হাতত লৈ ক’লে – ‘ই ডাঙৰ হৈ পাইলট হ’ব’। Cabin Crewৰ সদস্য ক্ৰমে শ্ৰদ্ধা চৌহান, অনুপ্ৰিয়া, তৃপ্তি আৰু অংকিতাক সকলোৱে প্ৰশংসাৰে উপচাই পেলালে।
বিমান অৱতৰণ কৰাৰ পাছতে প্ৰসূতি আৰু সন্তান দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুয়ো বৰ্তমান সংকট মুক্ত বুলি জানিব পৰা গৈছে। অৱশ্যে ৩৬ সপ্তাহৰ অধিক গৰ্ভৱতী মহিলাক বিমানযাত্ৰা কৰিবলৈ দিয়া নহয়। গতিকে এই ঘটনাৰ এক তদন্তও ঘোষণা কৰিছে কৰ্তৃপক্ষই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|