কাপোৰৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৯জনৰ

News18 Assam | News18-Assam
Updated:December 23, 2019, 8:06 AM IST
কাপোৰৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৯জনৰ
অগ্নিকাণ্ডৰ সময়ত শুই আছিল অট্টালিকাটোত থকা লোকসকল। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে।

অগ্নিকাণ্ডৰ সময়ত শুই আছিল অট্টালিকাটোত থকা লোকসকল। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে।

  • Share this:
দিল্লীৰ কিৰাৰী অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড। এটা কাপোৰৰ গুদামত সংঘটিত এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি লয় ৯জন লোকে। আন কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় এই অগ্নিকাণ্ডৰ ঘটনাত। মাজনিশা এটা অট্টালিকাৰ প্ৰথম মহলাত সূত্ৰপাত হয় জুইৰ।

অগ্নিকাণ্ডৰ সময়ত শুই আছিল অট্টালিকাটোত থকা লোকসকল। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে। প্ৰত্যক্ষদৰ্শীৰ মতে চাৰি মহলীয়া অট্টালিকাটোৰ তলৰ অংশত থকা গুদামত সংঘটিত হয় অগ্নিকাণ্ডৰ। এটা চিলিণ্ডাৰ বিস্ফোৰিত হোৱাত ভয়ংকৰ ৰূপ ধাৰণ কৰে জুয়ে। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

Published by: Sanjay Kumar Das
First published: December 23, 2019, 8:06 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি