দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল, কোনে মাৰিব শেষ হাঁহি

News18 Assam | News18-Assam
Updated:February 10, 2020, 5:17 PM IST
দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল, কোনে মাৰিব শেষ হাঁহি
অৰবিন্দ কেজৰিৱালৰ চৰকাৰ ওফৰাই বিজেপিয়ে পাৰিবনে দিল্লীত চৰকাৰ গঠন কৰিব?

অৰবিন্দ কেজৰিৱালৰ চৰকাৰ ওফৰাই বিজেপিয়ে পাৰিবনে দিল্লীত চৰকাৰ গঠন কৰিব?

  • Share this:
মঙলবাৰে ঘোষণা কৰা হ’ব বহু প্ৰত্যাশিত দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ফলাফল। ৮ ফেব্ৰুৱাৰীত দেশৰ ৰাজধানী অঞ্চলটোত হৈ যায় ভোটগ্ৰহণ।  বিগত বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে অভূতপূৰ্ব সফলতা লাভ কৰাৰ পিছত এইবাৰ দিল্লীত আপৰ চৰকাৰ ওফৰাবলৈ সৰ্বশক্তিৰে অৱতীৰ্ণ হৈছিল বিজেপি। দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে প্ৰমুখ্য কৰি বিজেপিৰ প্ৰায় সকলো কেন্দ্ৰীয় মন্ত্ৰী।

৭০খন আসন যুক্ত দিল্লীত এইবাৰ প্ৰায় ৬২.৫৯ শতাংশ ভোটদান হয়। ভোটদানৰ পিছতে প্ৰকাশ পোৱা বহু কেইটা আগশাৰীৰ Exit Poll এজেন্সীয়ে দিল্লীত আকৌ এবাৰ আম আদমী পাৰ্টীৰ চৰকাৰ হোৱাৰে স্পষ্ট ইংগিত প্ৰদান কৰিছে।

এতিয়া ফলাফলৰ দিনটোলৈ সকলোৱে অপেক্ষা কৰিছে। দেশৰ প্ৰায় ৫ খন ৰাজ্যত ক্ষমতা হেৰুওৱাৰ পিছত বিজেপিয়ে পাৰিবনে দিল্লীত ক্ষমতা দখল কৰিব, কাইলৈ দিনটোত এই সকলো কথা স্পষ্ট হৈ পৰিব। উল্লেখযোগ্য় যে,  নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শ্বাহিনবাগৰ ঘটনাই এইবাৰ দিল্লীৰ নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলাইছে বুলি মন্তব্য কৰিছে দেশৰ বহু ৰাজনৈতিক বিশ্লেষকে।
আৰু চাওক
পৰৱৰ্তী বাতৰি