দিল্লী বিধানসভা নিৰ্বাচনঃ AAPৰ পক্ষত ৫৪–৬০ খন আসন, বিজেপিৰ পক্ষত মাত্ৰ ১০–১৪খন

News18 Assam | News18-Assam
Updated:February 6, 2020, 6:05 PM IST
দিল্লী বিধানসভা নিৰ্বাচনঃ AAPৰ পক্ষত ৫৪–৬০ খন আসন, বিজেপিৰ পক্ষত মাত্ৰ ১০–১৪খন
Times Now-IPSOSৰ সমীক্ষা

Times Now-IPSOSৰ সমীক্ষা

  • Share this:
অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ইতিমধ্যে শাসনত থকা আম আদমী পাৰ্টীক হৰুৱাবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে। প্ৰধানমন্ত্ৰী মোদীৰ লগতে বিজেপিৰ প্ৰায় সকলো শীৰ্ষ পৰ্যায়ৰ নেতাই দলীয় প্ৰাৰ্থীক জয়ী কৰাবলৈ দিন ৰাতি একাকাৰ কৰিছে।

কিন্তু প্ৰাক নিৰ্বাচনী সমীক্ষাত দেখা গৈছে ওলোটা ছবি। বিজেপিৰ হাই প্ৰফাইল নিৰ্বাচনী প্ৰচাৰেও যেন দিল্লীত ৰোধিব নোৱাৰিব অৰবিন্দ কেজৰিৱালৰ চৰকাৰক। Times Now-IPSOSৰ সমীক্ষাই এতিয়া দিল্লীত পুনৰ AAPৰ চৰকাৰ হোৱাৰ ইংগিত দিছে সমীক্ষাত।

সমীক্ষাত ৭০ খন আসনযুক্ত দিল্লী বিধানসভা নিৰ্বাচনত AAPৰ পক্ষত দিছে ৫৪–৬০ খন আসন। তাৰ বিপৰীতে বিজেপিৰ পক্ষত মাত্ৰ ১০–১৪খন আসন।

সেইদৰে মুঠ ৫২ শতাংশ ভোট লাভ কৰিব AAPএ। সেইদৰে বিজেপি আৰু কংগ্ৰেছে লাভ কৰিব ক্ৰমে ৩৪ শতাংশ আৰু ৪ শতাংশ ভোট।
আৰু চাওক
পৰৱৰ্তী বাতৰি