মুখ্যপৃষ্ঠা »খবৰ »দেশ »দিল্লীৰ ভোটগ্ৰহণ কেন্দ্ৰত অঘটন, কংগ্ৰেছ প্ৰাৰ্থী অলকা লাম্বাই চৰ সোধালে AAPৰ নেতাক, চাওক Video

দিল্লীৰ ভোটগ্ৰহণ কেন্দ্ৰত অঘটন, কংগ্ৰেছ প্ৰাৰ্থী অলকা লাম্বাই চৰ সোধালে AAPৰ নেতাক, চাওক Video

চলি আছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

চলি আছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

চলি আছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

  • Share this:
শনিবাৰে অনুষ্ঠিত হৈছে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। দিনৰ ১ বজালৈকে ১৯ শতাংশ ভোটদান হৈছে। এই সময়তে কংগ্ৰেছ প্ৰাৰ্থীয়ে এগৰাকী আম আদমী পাৰ্টীৰ নেতাক ভোটগ্ৰহণ কেন্দ্ৰত চৰ সোধোৱাৰ খবৰ আহিছে।

দিল্লীৰ চান্দনী চ’ক বিধানসভা সমষ্টিৰ কংগ্ৰেছ পাৰ্থী অলকা লাম্বাই আম আদমী পাৰ্টীৰ এজন নেতাক চৰ সোধায়। জানিব পৰা মতে, আম আদমী পাৰ্টীৰ নেতা জনে ভোটগ্ৰহণ কেন্দ্ৰত অশ্লীল শব্দ প্ৰয়োগ কৰিছিল। যাৰ ফলত খঙৰ ভমকত নেতা জনক চৰ সোধাই অলকা  লাম্বাই।

ঘটনাৰ পিছত অলকা লাম্বাই কয় যে, ‘অৰবিন্দ কেজৰিৱাল পৰাজয়ৰ দিশে। তেওঁৰ দলৰ প্ৰাৰ্থী চান্দনী চ’ক সমষ্টিত পৰাস্ত হ’ব বুলি জানিব পাৰি গুন্দা লগাই ভোটগ্ৰহণ কেন্দ্ৰ অস্থিৰ কৰিব বিচাৰিছে। মই ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীক অৱগত কৰো, ইতিমধ্যে দুয়োজন নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।’

চাওক ভিডিঅ’

শেহতীয়া বাতৰি