দুটকীয়া আটা, ছোৱালীৰ বিয়াৰ বাবে ৫১হাজাৰ টকা...প্ৰতিশ্ৰুতিৰ মেটমৰা সম্ভাৰ লৈ দিল্লীত বিজেপিৰ সংকল্প পত্ৰ

News18 Assam | News18-Assam
Updated:February 1, 2020, 8:06 AM IST
দুটকীয়া আটা, ছোৱালীৰ বিয়াৰ বাবে ৫১হাজাৰ টকা...প্ৰতিশ্ৰুতিৰ মেটমৰা সম্ভাৰ লৈ দিল্লীত বিজেপিৰ সংকল্প পত্ৰ
Source-google

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে সংকল্প পত্ৰ।

  • Share this:
দিল্লী বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। নিৰ্বাচনত সৰ্ব শক্তিৰে অৱতীৰ্ণ হৈছে বিজেপি। আম আদমী পাৰ্টীৰ চৰকাৰক ৰুধিবলৈ বিজেপিয়ে ৰণক্ষেত্ৰত নমাইছে প্ৰায় প্ৰতিখন বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰতিজন কেন্দ্ৰীয় মন্ত্ৰীক।

প্ৰত্যক্ষ ভাবে নিৰ্বাচনী প্ৰচাৰত নামিছে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সমাগত নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিছে সংকল্প পত্ৰ। চৰকাৰ প্ৰতিষ্ঠা হ’লে বিজেপিয়ে দেশৰ ৰাজধানী অঞ্চলটোক প্ৰদূষণ মুক্ত কৰাৰ চেষ্টা চলাব। লগতে নিবনুৱাক কৰ্ম সংস্থাপন দিয়া, মহিলাৰ সুৰক্ষাৰ দিশটোকো গুৰুত্ব দিব বুলি উল্লেখ কৰিছে সংকল্প পত্ৰত।



কি কি আছে ঘোষণা পত্ৰত

  • দুখীয়া মহিলাৰ ছোৱালীক বিয়াৰ বাবে ৫১ হাজাৰ টকাৰ চৰকাৰী উপহাৰ।

  • দুখীয়া ব্যক্তিৰ ঘৰত কন্যা সন্তান জন্ম হ’লেই চৰকাৰে কন্যাৰ নামৰ বেংক একাউণ্ট খুলি জমা কৰিব ধন।


  • কলেজীয়া ছাত্ৰীক ইলেক্ট্ৰীক স্কুটী।

  • নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰীলৈ চাইকেল।


দুখীয়াৰ বাবে–

  • দুটকাতে এক কেজিকৈ আটা প্ৰদান।

  • আৰ্থিকভাবে পিছপৰা শেণীৰ বাবে আৰু অতি পিছপৰা শ্ৰেণাৰ বাবে আয়োগ গঠন।


নতুন প্ৰজন্মৰ বাবে–

  • ১০ লাখ নিবনুৱালৈ কৰ্মসংস্থাপন।

  • যুৱ কল্যান বৰ্ড গঠন।

  • দিল্লীত ১০ খন নতুন কলেজ আৰু ২০০ খন স্কুল প্ৰতিষ্ঠা

আৰু চাওক
পৰৱৰ্তী বাতৰি