৮ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন ৷ অৰৱিন্দ কেজৰিৱালক ৰুধিবলৈ উঠিপৰি লাগিছে গেৰুৱা দল বিজেপি ৷ সম্প্ৰতি দিল্লীত ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ক্ৰিকেট তাৰকা গৌতম গম্ভীৰৰ সৈতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস ৷ দিল্লীৰ প্ৰতাপগঞ্জ সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে ৰণজিৎ দাসে।
কেজৰিৱালক পৰাস্ত কৰিবলৈ এতিয়া সৰ্বশক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে। দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নড্ডাৰ লগতে প্ৰায় প্ৰতিজন মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, শীৰ্ষস্থানীয় নেতাই।
ইতিমধ্যে দিল্লীত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ দিল্লীত পুনৰ প্ৰচাৰ চলাবলৈ যাব সৰ্বানন্দ সোণোৱালে ৷ প্ৰচাৰত নামিব নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাও ৷
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 30, 2020, 16:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।