সোমবাৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই বিজেপি দলৰ ওপৰত অভিযোগ কৰে যে তেওঁক বিজেপিয়ে তেওঁলোকৰ সৈতে যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে। মনীষ চিছোদিয়াই দাবী কৰিছে যে বিজেপিয়ে তেওঁৰ বিৰুদ্ধে বৰ্তমান চলি থকা "সকলো গোচৰ বন্ধ" কৰাৰ প্ৰস্তাৱ দিছে যদিহে তেওঁ আম আদমী পাৰ্টি (আপ) ত্যাগ কৰে।
চিছোদিয়াৰ অভিযোগ, তেওঁ এটা লিখিত বাৰ্তা পাইছে য’ত তেওঁ বিজেপিত যোগদান কৰিলে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা চিবিআই আৰু ইডি গোচৰসমূহ উঠাই লোৱা হ'ব অৰ্থাৎ আঁতৰাই লোৱা হ’ব।
চিছোদিয়াই সামাজিক মাধ্যম টুইটাৰত কয় যে, তেখেতে এটা মেছেজ লাভ কৰিছে য’ত তেওঁৰ ওপৰত থকা চিবিআই আৰু ইডিৰ গোচৰবোৰ বন্ধ কৰাই দিয়া হ’ব যদিহে তেওঁ আম আদমী পাৰ্টী ত্যাগ কৰে। ইয়াৰোপৰি তেওঁ অভিযোগ কৰে যে, বিজেপি দলে তেখেতক মুখ্যমন্ত্ৰী পদৰ প্ৰতিশ্ৰুতিও দিছে ।
উক্ত টুইটটোত তেখেতে বিজেপিক প্ৰত্যুত্তৰ দি লিখে যে তেওঁ মহাৰাণা প্ৰতাপৰ বংশৰ এজন ৰাজপুত হয়। নিজৰ শিৰচ্ছেদ কৰাই ল’ব তথাপিও তেওঁ ভ্ৰষ্টাচাৰী আৰু ষড়যন্ত্ৰকাৰীসকলৰ ওচৰত মূৰ নোদোৱায়। লগতে বিজেপিক সকীয়নি দিয়ে যে তেওঁৰ ওপৰত লগোৱা সকলো কেছ মিছা আৰু বিজেপিয়ে যি কৰিব বিচাৰে কৰিব পাৰে ।
উল্লেখযোগ্য যে, দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক চিবিআইয়ে আবকাৰী নীতিৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 22, 2022, 15:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।