মুখ্যপৃষ্ঠা »খবৰ »দেশ »Manish Sisodia Arrested: দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰ CBI ৰ, সুৰা কেলেংকাৰীৰ প্ৰমাণ নষ্ট কৰাৰ অভিযোগ

Manish Sisodia Arrested: দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰ CBI ৰ, সুৰা কেলেংকাৰীৰ প্ৰমাণ নষ্ট কৰাৰ অভিযোগ

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰ CBI ৰ

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰ CBI ৰ

মনীষ ছিছ’দিয়াই আবকাৰী নীতিৰ গোচৰত চিবিআইয়ে জেৰাৰ বাবে আহ্বান জনোৱাৰ সময়তেই তেওঁক গ্ৰেপ্তাৰ কৰাৰ আশংকা প্ৰকাশ কৰিছিল আৰু লগতে তদন্তকাৰী সংস্থাটোক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও কৈছিল।

  • Share this:

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী (Delhi Deputy CM) তথা আম আদমী পাৰ্টিৰ (Aam Admi Party) জ্যেষ্ঠ নেতা মনীষ ছিছ’দিয়াক (Manish Sisodia) চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে। দিল্লীৰ আবকাৰী নীতি প্ৰণয়নত সংঘটিত হোৱা কথিত অনিয়মৰ সৈতে জড়িত এক গোচৰত প্ৰায় ৮ ঘণ্টা ধৰি জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰে চিবিআইয়ে (CBI)। সূত্ৰ অনুসৰি আইপিচিৰ ধাৰা 120-B, 477A, PC Act 7 ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। কাইলৈ ​​তেওঁলোকক ৰাউজ এভিনিউ আদালতত হাজিৰ কৰি ৰিমাণ্ড বিচাৰিব চিবিআইয়ে।


চিবিআইৰ সূত্ৰ অনুসৰি, প্ৰমাণ নষ্ট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ছিছ’দিয়াক। সূত্ৰ অনুসৰি, ছিছ’দিয়াৰ বিৰুদ্ধে কেইবাটাও ফোন চেট ধ্বংস কৰাৰ অভিযোগ উত্থাপন হৈছে। ইফালে চিবিআইৰ মুখ্য কাৰ্যালয়ৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।


সম্বিত পাত্ৰই ছিছ’দিয়াক আক্ৰমণ কৰে
এই বিষয়ত সংবাদমেল অনুষ্ঠিত কৰি আপ চৰকাৰক আক্ৰমণ কৰে বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই। তেওঁ কয়, "আজি আমি মনীষ জীৰ কথা কোৱা নাই। আজি আমি আবকাৰী মন্ত্ৰীৰ কথা কোৱা নাই। প্ৰশ্ন হয় সুৰা মন্ত্ৰীয়ে সুৰা কেলেংকাৰি কৰিলে নে নাই? মনীষ জীয়ে তেওঁৰ কমিচনৰ সৈতে জড়িত কেলেংকাৰী সংঘটিত কৰিছিল নে নাই?"


ইয়াৰ লগতে তেওঁ অভিযোগ কৰে যে, "আজি দিল্লীৰ প্ৰতিটো শিশুৱে জানে যে আম আদমী পাৰ্টি আৰু মনীষ ছিছ’দিয়াই তেওঁলোকৰ কমিছনৰ বাবে সুৰাৰ পাইকাৰী কমিচন ২%ৰ পৰা ১২%লৈ বৃদ্ধি কৰিলে যাতে আম আদমি পাৰ্টিয়ে বৃহৎ টকা উপাৰ্জন কৰিব পাৰে।"


অৰবিন্দ কেজৰিৱালে ছিছ’দিয়াক নিৰ্দোষী বুলি কয়
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ছিছ’দিয়াৰ সপক্ষে মন্তব্য় দি নিৰ্দোষী আখ্যা দিছে। মুখ্যমন্ত্ৰী কেজৰিৱালে টুইট কৰি কয়, "মনিষ নিৰ্দোষী। তেওঁ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে। মনীষক গ্ৰেপ্তাৰ কৰাৰ বাবে ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। সকলোৱে দেখিছে। মানুহে সকলো বুজি পাইছে। ইয়াৰ প্ৰতি ৰাইজে সঁহাৰি দিব। ইয়াৰ ফলত আমাৰ মনোবল আৰু অধিক বৃদ্ধি পাব। আমাৰ সংগ্ৰাম আৰু শক্তিশালী হ’ব।"


লাভ কৰা তথ্য অনুসৰি কাইলৈ ​​দিল্লী ৰাউজ এভিনিউত চিবিআইৰ ন্যায়াধীশ এম কে নাগপালৰ আদালতত হাজিৰ কৰা হ’ব দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক।


চিছ’দিয়াক গ্ৰেপ্তাৰ সন্দৰ্ভত কি ক’লে চিবিআইয়ে?
বিষয়াসকলে কয় যে, চিবিআইৰ দুৰ্নীতি বিৰোধী শাখাৰ বিষয়াসকলে আবকাৰী নীতিৰ বিভিন্ন দিশ, দীনেশ অৰোৰা আৰু অন্যান্য অভিযুক্তৰ সৈতে তেওঁৰ কথিত সম্পৰ্ক, কেইবাটাও ফোনযোগে বাৰ্তা আদান-প্ৰদানৰ সবিশেষৰ লগতে অন্যান্য বিষয়সমূহৰ ওপৰত মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰে। ছিছ’দিয়াৰ উত্তৰত চিবিআইৰ তদন্তকাৰী সন্তুষ্ট নহ’ল আৰু ছিছ’দিয়াই তদন্তত সহযোগ নকৰাৰ অভিযোগ উত্থাপন কৰে, যাৰ ফলত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।


আম আদমী পাৰ্টিয়ে ছিছ’দিয়াৰ গ্ৰেপ্তাৰক 'গণতন্ত্ৰৰ ক’লা দিন' বুলি অভিহিত কৰিছে। দলটোৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত লিখিছে, "গণতন্ত্ৰৰ বাবে ক’লা দিন! লাখ লাখ শিশুৰ ভৱিষ্যত গঢ় দিয়া বিশ্বৰ শ্ৰেষ্ঠ শিক্ষামন্ত্ৰী মনীষ ছিছ’দিয়াক ভুৱা গোচৰত বিজেপিৰ চিবিআইয়ে গ্ৰেপ্তাৰ কৰে। ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ বাবেই বিজেপিয়ে এই গ্ৰেপ্তাৰ কৰিছে।"


গ্ৰেপ্তাৰৰ আশংকা প্ৰকাশ কৰিছিল মনীষ চিছ’দিয়াই
মনীষ ছিছ’দিয়াই আবকাৰী নীতিৰ গোচৰত চিবিআইয়ে জেৰাৰ বাবে আহ্বান জনোৱাৰ সময়তেই তেওঁক গ্ৰেপ্তাৰ কৰাৰ আশংকা প্ৰকাশ কৰিছিল আৰু লগতে তদন্তকাৰী সংস্থাটোক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও কৈছিল।


CBIৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ আগতে ছিছ’দিয়াই ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সেই সময়ত তেওঁ সাংবাদিকৰ আগত কয়, "মই বহুবাৰ জেললৈ যাব পাৰো আৰু মোৰ ভয় নাই। সাংবাদিকৰ চাকৰি এৰাৰ সময়ত মোৰ পত্নীয়ে মোক সহযোগ কৰিছিল আৰু আজিও মোৰ পৰিয়ালে মোৰ কাষত থিয় দিছে/ গ্ৰেপ্তাৰ হ’লে মোৰ দলৰ কাৰ্যকৰ্তাসকলে মোৰ পৰিয়ালৰ যত্ন ল’ব।"


ইয়াৰ পূৰ্বে ছিছ’দিয়াই এটা টুইটযোগে লিখিছিল, "আজি মই পুনৰ চিবিআইলৈ যাম, সমগ্ৰ তদন্তত মই সম্পূৰ্ণ সহযোগিতা কৰিম। লাখ লাখ সন্তানৰ মৰম আৰু কোটি কোটি দেশবাসীৰ আশীৰ্বাদ লগত আছে। কেইমাহমান জেলত থাকিবলগীয়া হ’লেও একো দুখ নাই। ভগত সিঙৰ অনুগামী, দেশৰ বাবে ফাঁচী দিয়া হৈছিল ভগত সিঙক। এনে ভুৱা অভিযোগৰ বাবে জেললৈ যোৱাটো সৰু কথা।"


উল্লেখযোগ্য় যে, মনীষ ছিছ’দিয়া দিল্লীৰ শিক্ষামন্ত্ৰী আৰু বিত্তমন্ত্ৰীও। যোৱা দেওবাৰে নিজেই চিবিআইয়ে তেওঁক জেৰাৰ বাবে মাতিছিল যদিও বাজেট সম্পৰ্কীয় কামৰ উদ্ধৃতি দি তেওঁ হাজিৰ হ’বলৈ সময় বিচাৰিছিল, তাৰ পিছত চিবিআইয়ে তেওঁক ২৬ ফেব্ৰুৱাৰীত হাজিৰ হ’বলৈ কয়।

শেহতীয়া বাতৰি