মনীষ ছিছ’দিয়াক আশাহত কৰি দিল্লীৰ ৰাউজ এভিনিউ আদালতে তেওঁক ৫ দিনৰ বাবে CBI ৰ জিম্মালৈ প্ৰেৰণ কৰিছে। ২০২১-২২ বৰ্ষৰ আবকাৰী নীতিৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰায় ৮ ঘণ্টা ধৰি জেৰা কৰি দেওবাৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰা হয়। তদন্তকাৰী সংস্থাটোৱে কয় যে আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণ দুয়োটাতে অনিয়ম সংঘটিত হৈছিল।
উল্লেখযোগ্য যে, মনীষ ছিছ’দিয়াৰ অধিবক্তাৰ যুক্তিৰ বিৰোধিতা কৰি চিবিআইয়ে যিকোনো গোচৰতে তদন্ত কৰিব পাৰে বুলি উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ উদাহৰণ দাঙি ধৰে।
মনীষ ছিছ'দিয়াৰ গ্ৰেপ্তাৰৰ বিৰোধীতা কৰি সোমবাৰে আম আদমী পাৰ্টীয়ে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিষয়াসকলে জনোৱা মতে, প্ৰায় ৮ ঘণ্টা ধৰি সোধা-পোছাৰ অন্তত ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰা হয় কাৰণ তেওঁৰ উত্তৰ সন্তোষজনক নাছিল। দ্বিতীয় ৰাউণ্ডৰ জেৰাৰ বাবে পুৱা প্ৰায় ১১.১২ বজাত ছিছ’দিয়াই চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। চিবিআইৰ এফআইআৰত এক নম্বৰ অভিযুক্ত হিচাপে নাম উল্লেখ কৰা ছিছ’দিয়াক ইয়াৰ পূৰ্বে যোৱা বছৰৰ ১৭ অক্টোবৰতো জেৰা কৰা হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।