Delhi Covid Update : বিগত ২৪ ঘণ্টাত ৰাজধানী দিল্লীত কোভিডত আক্ৰান্ত ৩৩৭জন, মৃত্যু ৩৬জনৰ

News18 Assam | News18-Assam
Updated:June 9, 2021, 7:50 PM IST
Delhi Covid Update : বিগত ২৪ ঘণ্টাত ৰাজধানী দিল্লীত কোভিডত আক্ৰান্ত ৩৩৭জন, মৃত্যু ৩৬জনৰ
যোৱা ২৪ ঘণ্টাত ৰাজধানী দিল্লীত ভেকচিন লাভ কৰিছে ৪৮,৪৪৬জন লোকে।

যোৱা ২৪ ঘণ্টাত ৰাজধানী দিল্লীত ভেকচিন লাভ কৰিছে ৪৮,৪৪৬জন লোকে।

  • Share this:
ৰাজধানী দিল্লীত বিগত ২৪ ঘণ্টাত কোভিডত আক্রান্ত হৈছে ৩৩৭ জন লোক। আক্রান্তৰ হাৰ ০.৪৬ শতাংশ। এই দিনটোত পৰীক্ষা কৰা হৈছিল ৭৩,২৪১জন লোকৰ। সুস্থ হোৱা আৰু চিকিৎসালয় ত্যাগ কৰা লোকৰ সংখ্যা ৭৫২জন। মৃত্যু হৈছে ৩৬জনৰ।

যোৱা ২৪ ঘণ্টাত ৰাজধানী দিল্লীত ভেকচিন লাভ কৰিছে ৪৮,৪৪৬জন লোকে। তাৰ ভিতৰত প্ৰথম পালি লাভ কৰিছে ২৫,৮৫২জনে আৰু দ্বিতীয় পালি লাভ কৰা লোকৰ সংখ্যা ২২,৫৯৪জন। এতিয়ালৈ দিল্লীত সৰ্বমুঠ ভেচকিন লাভ কৰিছে ৫৭,৮১,১৪৫ জন লোকে।ইয়াৰে প্ৰথম পালি লাভ কৰিছে ৪৪,৪০,৪৬৭জনে আৰু সম্পূৰ্ণৰূপে ভেকচিন লাভ কৰিছে ১৩,৪০,৬৭৮জনে।
Published by: Sanjay Kumar Das
First published: June 9, 2021, 7:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি