DelhiCovidUpdate : ৰাজধানী দিল্লীত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত ৩১৬জন, ৪১জনৰ মৃত্যু

News18 Assam | News18-Assam
Updated:June 8, 2021, 5:13 PM IST
DelhiCovidUpdate : ৰাজধানী দিল্লীত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত ৩১৬জন, ৪১জনৰ মৃত্যু
যোৱা ২৪ ঘণ্টাত ৰাজধানী দিল্লীত ভেকচিন লাভ কৰিছে ৬৬,১৭৫জন লোকে।

যোৱা ২৪ ঘণ্টাত ৰাজধানী দিল্লীত ভেকচিন লাভ কৰিছে ৬৬,১৭৫জন লোকে।

  • Share this:
যোৱা ২৪ ঘণ্টাত দিল্লীত কোভিড–১৯ত আক্রান্ত হৈছে ৩১৬জন লোক। আক্রান্তৰ হাৰ মাথোঁ ০.৪৪ শতাংশ। পৰীক্ষা কৰা হৈছিল ৭১,৮৭৯জন লোকৰ। সুস্থ হোৱা আৰু চিকিৎসালয় ত্যাগ কৰা লোকৰ সংখ্যা ৫২১জন। আনহাতে মৃত্যু হৈছে ৪১জনৰ।

যোৱা ২৪ ঘণ্টাত ৰাজধানী দিল্লীত ভেকচিন লাভ কৰিছে ৬৬,১৭৫জন লোকে। তাৰে প্ৰথম পালি লাভ কৰিছে ৩৩,৭৬৭জনে। দ্বিতীয় পালি লাভ কৰা লোকৰ সংখ্যা ৩২৪০৮জন। এতিয়ালৈ সৰ্বমুঠ ভেচকিন লাভ কৰিছে ৫৭,৩২,৬৯৯ জন লোকে। ইয়াৰে প্ৰথম পালি লাভ কৰিছে ৪৩,৬৬,০০২জনে আৰু সম্পূৰ্ণৰূপে ভেকচিন লাভ কৰিছে ১৩,১৮,০৮৪ জনে।
Published by: Sanjay Kumar Das
First published: June 8, 2021, 5:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি