DelhiCovidUpdate : দিল্লীত বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ০.৩৬ শতাংশ, ৩৬জনৰ মৃত্যু

News18 Assam | News18-Assam
Updated:June 7, 2021, 7:32 PM IST
DelhiCovidUpdate : দিল্লীত বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ০.৩৬ শতাংশ, ৩৬জনৰ মৃত্যু
এই দিনটোত দিল্লীত মৃত্যু হৈছে ৩৬জন জন লোকৰ।

এই দিনটোত দিল্লীত মৃত্যু হৈছে ৩৬জন জন লোকৰ।

  • Share this:
ৰাজধানী দিল্লীত ক্ৰমাৎ হ্ৰাস পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দিল্লীত আক্রান্ত হৈছে ২৩১জন লোক। যোৱা ২৪ ঘণ্টাত দিল্লীত আক্রান্ত হৈছে ২৩১জন। আক্রান্তৰ হাৰ মাথোঁ ০.৩৬ শতাংশ। পৰীক্ষা কৰা হৈছিল ৬৩,৬১০ জন লোকক। আনহাতে, সুস্থ হোৱা আৰু চিকিৎসালয় ত্যাগ কৰা লোকৰ সংখ্যা ৮৭৬জন।

এই দিনটোত দিল্লীত মৃত্যু হৈছে ৩৬জন জন লোকৰ। যোৱা ২৪ ঘণ্টাত ভেকচিন লাভ কৰিছে ১৫,৭০৫জন লোকে। তাৰে প্ৰথম পালি লাভ কৰিছে ১৪,৮৪৬জনে। দ্বিতীয় পালি লাভ কৰা লোকৰ সংখ্যা ৮৫৯জন।

এতিয়ালৈ দিল্লীত সৰ্বমুঠ ভেকচিন লাভ কৰিছে ৫৬,৬৬,৫২৪জন লোকে। ইয়াৰে প্ৰথম পালি লাভ কৰিছে ৪৩,৮০,৮৪৮জনে আৰু সম্পূৰ্ণৰূপে ভেকচিন লাভ কৰিছে ১২,৮৫,৬৭৬জন লোকে।
Published by: Sanjay Kumar Das
First published: June 7, 2021, 7:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি