Covid-19 : দিল্লীত বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্তৰ হাৰ ০.৫ শতাংশ, মৃত্যু ৩৪জনৰ

News18 Assam | News18-Assam
Updated:June 6, 2021, 6:00 PM IST
Covid-19 : দিল্লীত বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্তৰ হাৰ ০.৫ শতাংশ, মৃত্যু ৩৪জনৰ
যোৱা ২৪ ঘণ্টাত ৰাজধানী দিল্লীত ভেকচিন লাভ কৰিছে ৫৮,০৯১জন লোকে।

যোৱা ২৪ ঘণ্টাত ৰাজধানী দিল্লীত ভেকচিন লাভ কৰিছে ৫৮,০৯১জন লোকে।

  • Share this:
যোৱা ২৪ ঘণ্টাত দিল্লীত কোৰোণা ভাইৰাছত আক্রান্ত হৈছে ৩৮১জন লোক। আক্রান্তৰ হাৰ মাথোঁ ০.৫শতাংশ। পৰীক্ষা কৰা হৈছিল ৭৬,৮৫৭জন লোকৰ। সুস্থ হোৱা আৰু চিকিৎসালয় ত্যাগ কৰা লোকৰ সংখ্যা ১১৮৯জন। বিগত ২৪ ঘণ্টাত দিল্লীত মৃত্যু হৈছে ৩৪জন লোকৰ।

আনহাতে, যোৱা ২৪ ঘণ্টাত ৰাজধানী দিল্লীত ভেকচিন লাভ কৰিছে ৫৮,০৯১জন লোকে। তাৰে প্ৰথম পালি লাভ কৰিছে ৪২,৮২৩জনে  আৰু দ্বিতীয় পালি লাভ কৰা লোকৰ সংখ্যা ১৫,২৬৮জন। এতিয়ালৈ সৰ্বমুঠ ভেচকিন লাভ কৰিছে ৫৬,৫০,৮১৯জন লোকে। ইয়াৰে প্ৰথম পালি লাভ কৰিছে ৪৩,৬৬,০০২জনে। সম্পূৰ্ণৰূপে ভেকচিন লাভ কৰিছে ১২,৮৪,৮১৭জন লোকে।
Published by: Sanjay Kumar Das
First published: June 6, 2021, 6:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি