• Home
  • »
  • News
  • »
  • nation
  • »
  • কাৰাগাৰত থাকি ৰচনা কৰে ষড়যন্ত্ৰ আৰু কাৰ্যকৰী কৰে দেশ-বিদেশত থকা অপৰাধ চক্ৰৰ দ্বাৰা- লৰেন্স বিষ্ণৈক নিজৰ জিম্মাত ল'লে নিয়াই

কাৰাগাৰত থাকি ৰচনা কৰে ষড়যন্ত্ৰ আৰু কাৰ্যকৰী কৰে দেশ-বিদেশত থকা অপৰাধ চক্ৰৰ দ্বাৰা- লৰেন্স বিষ্ণৈক নিজৰ জিম্মাত ল'লে নিয়াই

কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ গোচৰত বাথিণ্ডা কাৰাগাৰত বন্দী হৈ থকা বিষ্ণৈক সন্ত্ৰাসবাদী সংগঠন আৰু অপৰাধী চক্ৰই ৰচনা কৰা ষড়যন্ত্ৰৰ সৈতে জড়িত থকাৰ গোচৰত নিজৰ জিম্মাত লয় নিয়াই।

  • Share this:
বৃহস্পতিবাৰে দিল্লীৰ আদালতে গেংষ্টাৰ লৰেন্স বিষ্ণৈক ১০ দিনৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ জিম্মালৈ প্ৰেৰণ কৰে। কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ গোচৰত বাথিণ্ডা কাৰাগাৰত বন্দী হৈ থকা বিষ্ণৈক সন্ত্ৰাসবাদী সংগঠন আৰু অপৰাধী চক্ৰই ৰচনা কৰা ষড়যন্ত্ৰৰ সৈতে জড়িত থকাৰ গোচৰত নিজৰ জিম্মাত লয় নিয়াই।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ মতে, ডাঙৰ ষড়যন্ত্ৰ এটাৰ তথ্য উন্মোচনৰ বাবে বিষ্ণৈক জেৰা কৰাৰ প্ৰয়োজন বুলি সংস্থাটোৱে অনুৰোধ জনোৱাৰ পিছতে বিশেষ ন্যায়াধীশ শৈলেন্দ্ৰ মলিকে এই নিৰ্দেশনা দিয়ে।

এয়াও পঢ়ক : সীমান্তৰ ৰক্তাক্ত ঘটনাক লৈ শ্বিলঙত মমবাতি প্ৰজ্বলন জনতাৰ

শুনানিৰ সময়ত আদালতে সংস্থাটোক ‘মুছেৱালা হত্যাকাণ্ডৰ গোচৰৰ সৈতে এন আই এৰ কি সম্পৰ্ক?’ বুলি প্ৰশ্ন কৰে। সংস্থাটোৱে উত্তৰত কয় যে বিষ্ণৈই কাৰাগাৰৰ ভিতৰৰ পৰাই ষড়যন্ত্ৰ ৰচনা কৰে আৰু দেশ-বিদেশত থকা তেওঁৰ নেটৱৰ্কৰ জৰিয়তে ইয়াক কাৰ্যকৰী কৰে। এই বিষয়টো নজৰত পৰাৰ পিছতে বিষ্ণৈক গ্ৰেপ্তাৰ কৰা হয়।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি