দেবাংগনা কলিতাৰ জামিন নাকচ দিল্লীৰ বিশেষ আদালতৰ 

News18 Assam | News18-Assam
Updated:January 29, 2021, 4:19 PM IST
দেবাংগনা কলিতাৰ জামিন নাকচ দিল্লীৰ বিশেষ আদালতৰ 
বৰ্তমান তিহাৰ জেলত ন্যায়িক জিম্মাত আছে দেবাংগনা।

বৰ্তমান তিহাৰ জেলত ন্যায়িক জিম্মাত আছে দেবাংগনা।

  • Share this:
দিল্লীৰ কৰকৰডোমা আদালতে খাৰিজ কৰিলে দিল্লী সংঘৰ্ষৰ অভিযুক্ত দেবাংগনা কলিতাৰ জামিন আবেদন । আদালতে বৃহস্পতি বাৰে প্ৰদান কৰা এক ৰায়ত নাকচ কৰে কলিতাৰ জামিন।  Additional Session Judge অনিৰুদ্ধ ৰাৱাতে জামিন নাকচ কৰি কয় – প্ৰথম দৃষ্টিত (Prima Facie) কলিতাৰ বিৰুদ্ধে যি সমূহ অভিযোগ উত্থাপন হৈছে সেই সমূহ সত্য বুলি মানি ল’বলৈ ভিত্তি আছে ।

২০২০ৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছিল দেবাংগনাই। এই প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছিল আৰু বহু লোকৰ মৃত্যু হৈছিল। আৰু তাৰ পিছতে দেবাংগনাৰ বিৰুদ্ধে UAPAৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

উল্লেখ্য যে, দেবাংগনা জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী। বৰ্তমান তিহাৰ জেলত ন্যায়িক জিম্মাত আছে দেবাংগনা। দেবাংগনাৰ সহকৰ্মী নতাশা নাৰৱালৰো জামিন একে কাৰণতে মঞ্জুৰ কৰা নাই আদালতে ।
Published by: Himangshu Bhuyan
First published: January 29, 2021, 4:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি