• Home
  • »
  • News
  • »
  • nation
  • »
  • দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ঘৰত CBIৰ অভিযানক লৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ঘৰত CBIৰ অভিযানক লৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

অৰবিন্দ কেজৰিৱালে ভাৰতক বিশ্বৰ ভিতৰত ১ নম্বৰ দেশ বনোৱাৰ যি সপোন তাক সাৰ্থক কৰিবলৈ ভাৰতৰ ১৩০ কোটি জনতাক তেওঁৰ দ্বাৰা জাৰি কৰা এটা নম্বৰত মিছ ক’ল দিবলৈ অনুৰোধ কৰিছে।

অৰবিন্দ কেজৰিৱালে ভাৰতক বিশ্বৰ ভিতৰত ১ নম্বৰ দেশ বনোৱাৰ যি সপোন তাক সাৰ্থক কৰিবলৈ ভাৰতৰ ১৩০ কোটি জনতাক তেওঁৰ দ্বাৰা জাৰি কৰা এটা নম্বৰত মিছ ক’ল দিবলৈ অনুৰোধ কৰিছে।

অৰবিন্দ কেজৰিৱালে ভাৰতক বিশ্বৰ ভিতৰত ১ নম্বৰ দেশ বনোৱাৰ যি সপোন তাক সাৰ্থক কৰিবলৈ ভাৰতৰ ১৩০ কোটি জনতাক তেওঁৰ দ্বাৰা জাৰি কৰা এটা নম্বৰত মিছ ক’ল দিবলৈ অনুৰোধ কৰিছে।

  • Share this:
শুক্ৰবাৰে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো চমুকৈ চিবিআইৰ এটা দলে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ঘৰত দিল্লীৰ আবকাৰী নীতিৰ বিসংগতিৰ অনুসন্ধান কৰিবলৈ অভিযান চলায়। উক্ত ঘটনাৰ পাছতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰি কয় যে, আমেৰিকা বিশ্বৰ সকলোতকৈ শক্তিশালী আৰু ধনী দেশ। ইয়াৰ আটাইতকৈ ডাঙৰ বাতৰি কাকত নিউয়ৰ্ক টাইমছত খবৰ এটা প্ৰকাশ পোৱাটো বহুত কঠিন, কিন্তু দিল্লীৰ বিদ্যালয়সমূহৰ বিষয়ে উক্ত বাতৰিকাকতত প্ৰকাশ পোৱাৰ লগতে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক বিশ্বৰ আটাইতকৈ ভাল শিক্ষামন্ত্ৰী বুলি অভিহিত কৰাতো দুৰ্লভ। কেজৰিৱালে লগতে কয় যে, ভাৰতৰ এনে কোনো ধনাত্মক বাতৰি নিউয়ৰ্ক টাইমছত প্ৰকাশিত হোৱা তেখেতৰ মনত নাই য’ত বিশ্বৰ ডাঙৰ নেতাসকল আহিব বিচাৰে।

বুধবাৰে দিল্লীৰ চৰকাৰে ভাৰতক বিশ্বৰ ভিতৰত ১ নম্বৰ দেশ বনোৱাৰ কথা ঘোষণা কৰে। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কয় যে, তেওঁৰ এই সপোন পূৰ্ণ কৰাৰ ক্ষেত্ৰত বিধিয়েও সহায় কৰিছে। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ ঘৰত চিবিআইৰ ৰেড দিয়াৰ কথাক লৈ তেওঁ শুক্ৰবাৰে কয় যে ৭ বছৰ পূৰ্বেও এনে কাৰ্য এবাৰ হৈ গৈছে য’ত চিবিআইৰ দলে একো নাপালে আৰু এতিয়াও একো নাপায়। লগতে অভিযান চলোৱাটো চিবিআইৰ কাম আৰু তেওঁলোকক ওপৰৰ পৰা দিয়া আদেশমৰ্মে এই অভিযান চলাইছে। চিবিআইক তেওঁলোকৰ নিজা কৰ্তব্য পালন কৰিবলৈ অৰবিন্দ কেজৰিৱালে কয় আৰু দিল্লীৰ চৰকাৰে নিজৰ কাম কৰি যাব বুলিও নিজ মন্তব্যত উল্লেখ কৰে।

অৰবিন্দ কেজৰিৱালে ভাৰতক বিশ্বৰ ভিতৰত ১ নম্বৰ দেশ বনোৱাৰ যি সপোন তাক সাৰ্থক কৰিবলৈ ভাৰতৰ ১৩০ কোটি জনতাক তেওঁৰ দ্বাৰা জাৰি কৰা এটা নম্বৰত মিছ ক’ল দিবলৈ অনুৰোধ কৰিছে আৰু সকলোকে এই অভিযানৰ সৈতে লগ লাগিব বুলি প্ৰকাশ কৰে। দিল্লীৰ চৰকাৰে জাৰি কৰা মিছ ক’ল নম্বৰটো হ’ল– ৯৫১০০০১০০০। ভাৰত বিশ্বৰ সকলো দেশৰ আগশাৰীৰ বাতৰি কাকতসমূহত স্থান পাব লাগে বুলিও কেজৰিৱালে কয়।

চিবিআইৰ বিষয়াসকলৰ তথ্য অনুসৰি, চিবিআইয়ে শুকুৰবাৰে দিল্লীৰ আবকাৰী নীতি গোচৰত এজাহাৰ পঞ্জীয়ন কৰাৰ পিছত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আইএএছ) বিষয়া আৰৱ গোপী কৃষ্ণাকে আদি কৰি মুঠ ১৯ টা স্থানত তালাচী চলাই। তেওঁলোকে কয় যে, চিবিআইয়ে বিগত বৰ্ষৰ নৱেম্বৰ মাহত দিল্লী আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত অনিয়মিয়তা অনাৰ অভিযোগৰ সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। তালাচীৰ সময়ত চিবিআইৰ দলসমূহে সাতখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২১ টা স্থানত উপস্থিত হৈছিল, যাৰ ভিতৰত আছে এজিএমইউটি কেডাৰৰ ২০১২ বেচৰ আইএএছ বিষয়া আৰু প্ৰাক্তন আবকাৰী আয়ুক্ত চিছোদিয়া আৰু গোপী কৃষ্ণাৰ ঘৰ। আন দুজন ৰাজহুৱা কৰ্মচাৰীৰ ঘৰতো তালাচী চলোৱা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি