কেজৰিৱালক চৰ শোধোৱা যুৱকৰ পত্নীয়ে ক’লেঃমোদীৰ বদনাম গোৱা সহ্য হোৱা নাছিল!

সুৰেশ পত্নীৰ মতে নৰেন্দ্ৰ মোদীক অনৰ্গল সমালোচনা কৰাটো সুৰেশে সহ্য কৰিব পৰা নাছিল। কিছু দিনৰ পৰা ক্ষুব্ধ হৈ আছিল সুৰেশ আৰু অৱশেষত সহ্যৰ সীমা পাৰ হোৱাত সুৰেশে এই কাণ্ড কৰে।

Dulu Medhi | news18assam
Updated:May 5, 2019, 12:00 AM IST
কেজৰিৱালক চৰ শোধোৱা যুৱকৰ পত্নীয়ে ক’লেঃমোদীৰ বদনাম গোৱা সহ্য হোৱা নাছিল!
কানতলীয়া চৰ শোধালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক
Dulu Medhi | news18assam
Updated: May 5, 2019, 12:00 AM IST
কেজৰিৱালক চৰ শোধাই কুখ্যাতি অৰ্জন কৰা সুৰেশ নামৰ যুৱকজনৰ পত্নীয়ে দিছে এই অদ্ভূত যুক্তি। সুৰেশ পত্নীৰ মতে নৰেন্দ্ৰ মোদীক অনৰ্গল সমালোচনা কৰাটো সুৰেশে সহ্য কৰিব পৰা নাছিল। কিছু দিনৰ পৰা ক্ষুব্ধ হৈ আছিল সুৰেশ আৰু অৱশেষত সহ্যৰ সীমা পাৰ হোৱাত সুৰেশে এই কাণ্ড কৰে। উল্লেখযোগ্য যে শণিবাৰে আকৌ এবাৰ চৰ খালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। শনিবাৰে দিল্লীৰ মোতি নগৰত নিৰ্বাচনী প্ৰচাৰ চলাই থাকোতেই এজন লোকে কানতলীয়া চৰ শোধালে মুখ্যমন্ত্ৰীগৰাকীক।মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলোৱা গাড়ীখনত উঠি চৰিয়ালে লোকজনে। হাত ডাঙি ৰাইজক অভিবাদন জনাই থাকোতেই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সন্মূখীন হ’ল এই অভাবনীয় পৰিস্থিতিৰ। ঘটনাৰ পিছতে আৰক্ষীয়ে আটক কৰিলে লোকজনক। আটক কৰাৰ পিছতে ওলাল কেজৰিৱালক চৰ শোধাৱা লোকজনৰ পৰিচয়। লোকজনৰ নাম সুৰেশ। কৈলাশ পাৰ্কত ঘৰ সুৰেশৰ। গাড়ীৰ পাৰ্টচৰ ব্যৱসায় কৰা সুৰেশক জেৰা চলাইছে দিল্লী আৰক্ষীয়ে। এই ঘটনাৰ বাবে আম আদমী পাৰ্টীয়ে জগৰীয়া কৰিছে বিজেপিক। কিন্তু কেজৰিৱালক চৰ শোধোৱা লোকজন বিজেপি কৰ্মী নহয় বুলি স্পষ্ট কৰি দিছে বিজেপিয়ে।

চাওক এই ভিডিঅ’:
আৰু চাওক পৰৱৰ্তী বাতৰি