உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • দিল্লীৰ চৰকাৰে স্কুলত প্ৰদান কৰিব দেশভক্তিৰ শিক্ষা, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুকলি কৰিলে পাঠ্যক্ৰম 

    দিল্লীৰ চৰকাৰে স্কুলত প্ৰদান কৰিব দেশভক্তিৰ শিক্ষা, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুকলি কৰিলে পাঠ্যক্ৰম 

    ১৫ আগষ্টৰ দিনা স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীয়ে এই পাঠ্যক্ৰম মুকলি কৰাৰ কথা ঘোষণা কৰিছিল।

    ১৫ আগষ্টৰ দিনা স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীয়ে এই পাঠ্যক্ৰম মুকলি কৰাৰ কথা ঘোষণা কৰিছিল।

    ১৫ আগষ্টৰ দিনা স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীয়ে এই পাঠ্যক্ৰম মুকলি কৰাৰ কথা ঘোষণা কৰিছিল।

    • Share this:
    “যোৱা ৭৪টা বছৰত (স্বাধীনতাৰ) আমাৰ দেশৰ স্কুলত পদাৰ্থবিজ্ঞান, ৰাসায়ন বিজ্ঞান, গণিত সকলো শিকোৱা হৈছে; কিন্তু শিক্ষাৰ্থীক দেশভক্তি শিকোৱা হোৱা নাই। এতিয়াৰ পৰা দিল্লীৰ চৰকাৰী স্কুলত ছাত্ৰ-ছাত্ৰীক নিজৰ দেশক ভাল পোৱাৰ শিক্ষাদান কৰা হ’ব।’’ মঙলবাৰে দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ দেশভক্তিৰ পাঠ্যক্ৰম মুকলি কৰি টুইটাৰত এনেদৰে মন্তব্য কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লীৰ সত্ৰচাল ষ্টেডিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত উপ–মুখ্যমন্ত্ৰী মনীষ চিচ’ডিয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে এই অভিনৱ পাঠ্যক্ৰম মুকলি কৰে। এই পাঠ্যক্ৰমৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ মনত দেশপ্ৰেমৰ ধাৰণা বিভিন্ন ৰূপত জাগ্ৰত কৰা।

    দিল্লী চৰকাৰৰ শিক্ষা বিভাগে অৱগত কৰা মতে, প্ৰাক প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীলৈকে এই পাঠ্যক্ৰমৰ দৈনিক এবাৰ পাঠদান কৰা হ’ব আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সপ্তাহত এবাৰ পাঠদান কৰা হ’ব। ইতিমধ্যে পাঠদানৰ কাৰণে শিক্ষকৰ নিযুক্তি দিয়া হৈছে আৰু বিদ্যালয়সমূহ খোলাৰ মাত্ৰকে পাঠ্যক্ৰম আৰম্ভ হ’ব। ছেপ্টেম্বৰৰ ২৯ তাৰিখৰ পৰা অক্টোবৰৰ ৫ তাৰিখলৈ শিক্ষক সকলক NCERTয়ে প্ৰশিক্ষণ প্ৰদান কৰিব।

    নিজৰ ভাষণত কেজৰিৱালে কয় – “আমি ভগৎ সিং, গান্ধী, সুভাষ বসু, নেহৰু, পেটেল, কালাম আদিৰ বিষয়ে পঢ়িলে বা তিনি বৰণীয়া জাতীয় পতাকাখন দেখিলে দেশভক্তি জাগ্ৰত হয়। কিন্তু আমি এনে পৰিৱেশৰ সূচনা কৰিব লাগিব য’ত এটা শিশু ২৪ ঘণ্টাই দেশভক্তি ভাৱনাৰ মাজত জীয়াৱলৈ শিকে।’’ সেই উদ্দেশ্যেৰে এই পাঠ্যক্ৰম মুকলি কৰা হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় – “আজিৰ শিক্ষা ব্যৱস্থাই এনে ধৰণৰ ডাক্তৰৰ জন্ম দিছে যি কেৱল উপাৰ্জনৰ কথা চিন্তা কৰে, এনে অভিযন্তাৰ জন্ম দিছে যি কেৱল দৰমহা বৃদ্ধিৰ কথা ভাৱে। এই পাঠ্যক্ৰমৰ যোগেদি আমি দেশভক্ত ডাক্তৰ, ইঞ্জিনীয়াৰ জন্ম দিম যি কেৱল পইচাৰ কথা নাভাবি সু-চিকিৎসা প্ৰদান কৰিব বা নিজৰ দায়িত্ব পালনত ব্ৰতী হ’ব।

    উল্লেখযোগ্য যে যোৱা ১৫ আগষ্টৰ দিনা স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীয়ে এই পাঠ্যক্ৰম মুকলি কৰাৰ কথা ঘোষণা কৰিছিল।
    Published by:Sanjay Kumar Das
    First published: