• Home
  • »
  • News
  • »
  • nation
  • »
  • অসমলৈ আহি আছে অৰবিন্দ কেজৰিৱাল! অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰহৈ চলাব নিৰ্বাচনী প্ৰচাৰ

অসমলৈ আহি আছে অৰবিন্দ কেজৰিৱাল! অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰহৈ চলাব নিৰ্বাচনী প্ৰচাৰ

সমাপ্ত হল অকিল গগৈ আৰু লুৰিণ গগৈৰ মাজৰ বৈঠক

সমাপ্ত হল অকিল গগৈ আৰু লুৰিণ গগৈৰ মাজৰ বৈঠক

সমাপ্ত হল অকিল গগৈ আৰু লুৰিণ গগৈৰ মাজৰ বৈঠক

  • Share this:
অসমলৈ আহি আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীৰ হৈ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। ইতিমধ্যে এই সন্দৰ্ভত কেজৰিৱালৰ সৈতে যোগাযোগ চলি আছে দুয়োটা দলৰ নেতৃত্বৰ। সোমবাৰে এই কথা জানিবলৈ দিয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে।

ইফালে আজি  GMCHত লুৰিণ-অখিলৰ মাজত অনুষ্ঠিত হয় এখন বৈঠক।  প্ৰায় দুঘণ্টা ধৰি চলা এই বৈঠকৰ অন্তত লুৰিণ জ্যোতি গগৈয়ে কয় যে, ' অতিশীঘ্ৰে দুই দলে প্ৰকাশ কৰিব প্ৰাৰ্থীত্বৰ তালিকা। আসন বুজাবুজিৰ সন্দৰ্ভত আলোচনা হয় বৈঠকত।  প্ৰথম পৰ্যায়ৰ গৰিষ্ঠ সংখ্যক সমষ্টিত আগবঢ়াব প্ৰতিদ্বন্দিতা।'

ইফালে বড়োভূমিৰ বাবেও নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছে দুয়োটা ৰাজনৈতিক দলেই। আনহাতে বৈঠকৰ মাজতে  GMCHত ভিৰ কৰে প্ৰাৰ্থীত্ব প্ৰত্যাশিয়ে।
Published by:Himangshu Bhuyan
First published: