• Home
  • »
  • News
  • »
  • nation
  • »
  • আন এক হৃদয়স্পৰ্শী কাহিনী, Covid ৰোগীক সহায়ৰ হাত আগবঢ়াই হৃদয় জিনিলে এজন উবেৰ চালকে...

আন এক হৃদয়স্পৰ্শী কাহিনী, Covid ৰোগীক সহায়ৰ হাত আগবঢ়াই হৃদয় জিনিলে এজন উবেৰ চালকে...

Image Credits: AFP/Representational

Image Credits: AFP/Representational

সাংবাদিক ৰিটুপৰ্ণা চেটাৰ্জী (Rituparna Chatterjee)য়ে টুইটাৰত শ্বেয়াৰ কৰা এনে এটা কাহিনীত, এগৰাকী উবেৰ (Uber) কেব চালকে সাংবাদিক গৰাকীৰ কোভিড পজিটিভ মাকৰ বাবে এখন চিকিৎসালয় বিচাৰি থকা অৱস্থাত তেখেতক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল।

  • Share this:
কোভিড-১৯ৰ এই সময়চোৱা আমাৰ সমাজৰ বাবে কঠিন হৈ পৰিছে যদিও ইজনে সিজনক সহায় কৰিবলৈ আগবাঢ়ি অহা কিছুমান হৃদয়স্পৰ্শী কাহিনীও পোহৰলৈ আহিছে। সাংবাদিক ৰিটুপৰ্ণা চেটাৰ্জী (Rituparna Chatterjee)য়ে টুইটাৰত শ্বেয়াৰ কৰা এনে এটা কাহিনীত, এগৰাকী উবেৰ (Uber) কেব চালকে সাংবাদিক গৰাকীৰ কোভিড পজিটিভ মাকৰ বাবে এখন চিকিৎসালয় বিচাৰি থকা অৱস্থাত তেখেতক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল।

তেখেতে এই চালকজনৰ সৈতে তেখেতৰ হোৱাটছএপ মেছেজৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছিল য'ত চালকজনক তেখেতৰ মাকৰ স্বাস্থ্য পৰীক্ষা কৰা দেখা গৈছিল আৰু তেখেত সোনকালে আৰোগ্য হ'ব বুলি আশা দিছিল। এক টুইটাৰ থ্ৰেডত, চেটাৰ্জীয়ে এই উবেৰ ড্ৰাইভৰ সৈতে তেওঁৰ অভিজ্ঞতা বিতংভাৱে বৰ্ণনা কৰিছে। চেটাৰ্জীয়ে লিখিছে যে তেখেতৰ মাকক দিল্লীৰ উপকণ্ঠত থকা এটা কোভিড কেন্দ্ৰলৈ লৈ যোৱাৰ বাবে এম্বুলেন্স বিচাৰি পোৱাত বিফল হোৱাৰ পিছত, তেখেতে এখন কেব বিচৰাৰ সিদ্ধান্ত লৈছিল।
তেখেতৰ মাক কোভিড আক্ৰান্ত হোৱাৰ দ্বাদশ দিন আছিল আৰু অক্সিজেনৰ স্তৰ ৮০ আছিল। অৱশ্যে, কমেও ৪ জন কেব চালকে যাবলৈ অস্বীকাৰ কৰিছিল আৰু যাত্ৰাটো বাতিল কৰিছিল। সেয়েহে, যেতিয়া চেটাৰ্জীয়ে পঞ্চমবাৰৰ বাবে এখন কেব বুক কৰিছিল আৰু লগে লগে চালকজনক ফোন কৰি পৰিস্থিতিটোৰ বিষয়ে অৱগত কৰিছিল। চালকজনে কেৱল ৰোগীগৰাকীক নিবলৈ অহা নাছিল, তেওঁ তেওঁলোকক অক্সিজেন চিলিণ্ডাৰ লাভ কৰাতো সহায় কৰিছিল‌। চালকজনে তেওঁলোকক কোভিড কেন্দ্ৰটোলৈ লৈ গৈছিল। তেওঁলোকৰ কামখিনি সম্পূৰ্ণ নোহোৱালৈকে চালকজনে তাত তেওঁলোকৰ বাবে অপেক্ষা কৰিছিল।
পিছদিনা আকৌ যেতিয়া চেটাৰ্জীয়ে তেখেতৰ মাকক কোভিড কেন্দ্ৰৰ পৰা চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলগীয়া হৈছিল, উবেৰ চালকজনে পুনৰ সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। তেখেতৰ মাকক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত, চালকজনে চেটাৰ্জীক ঘৰত থৈ আহিছিল।

চালকজনে তেখেতৰ পৰা ভাড়া ল'বলৈ অস্বীকাৰ কৰিছিল আৰু কৈছিল যে তেওঁ মানৱীয়তাৰ খাটিৰত এই কাম কৰিছে আৰু ইয়াৰ বাবদ ভাড়া নলয়। তেওঁ চেটাৰ্জীক কৈছিল যে যোৱা বছৰ তেওঁ নিজে কোভিড ৰোগী আছিল আৰু আনকি তেওঁ ভেকছিন লৈছে। সেয়েহে তেওঁ এতিয়া ক'ৰোনাক ভয় নকৰে।
Published by:Kokil Sarma
First published: