Delhi Election: দিল্লীত আকৌ AAPৰ চৰকাৰ নে ফুলিব পদুম? কটকটীয়া নিৰাপত্তাৰ মাজত ভোটগ্ৰহণ আৰম্ভ

News18 Assam | News18-Assam
Updated:February 8, 2020, 9:01 AM IST
Delhi Election: দিল্লীত আকৌ AAPৰ চৰকাৰ নে ফুলিব পদুম? কটকটীয়া নিৰাপত্তাৰ মাজত ভোটগ্ৰহণ আৰম্ভ
নিৰাপত্তাৰ মাজেৰে ভোটগ্ৰহণ আৰম্ভ।

নিৰাপত্তাৰ মাজেৰে ভোটগ্ৰহণ আৰম্ভ।

  • Share this:
Delhi Assembly Election 2020: দিল্লীৰ ৭০খন আসনৰ কাৰণে পুৱা ৮বজাৰ পৰা ভোটগ্ৰহণ অব্যাহত। ২৬৮৯টা স্থানত মুঠ ১৩৭৫৭ পোলিং বুথ নিৰ্মাণ কৰা হৈছে। মুঠ ১কোটি ৪৭লাখ ভোটাৰে আজি দিল্লীৰ ভাগ্য নিৰ্ধাৰণ কৰিব।

দিল্লী বিধানসভা নিৰ্বাচনৰ কাৰণে জামিয়া নগৰত সুৰক্ষাৰ কটকটীয়া ব্যৱস্থা কৰা হৈছে।

আজি ভোটগ্ৰহণৰ কাৰণে মেট্ৰ’ সেৱা পুৱা ৪বজাৰ পৰা আৰম্ভ কৰা হৈছে। দিল্লীত ৭৫হাজাৰৰো অধিক সুৰক্ষা বাহিনীৰ সদস্যই ৰাখিছে তীক্ষ্ন নিৰীক্ষণ। ভোটগ্ৰহণৰ কাৰণে ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ফেব্ৰুৱাৰীলৈ সকলো সুৰাৰ দোকান বন্ধ থাকিব।

আসনৰ সংখ্যাঃ ৭০

প্ৰাৰ্থীৰ সংখ্যা: ৬৭২

মূল ৰাজনৈতিক দলঃ AAP, BJP আৰু কংগ্ৰেছ

ভোটগণনা: ১১ ফেব্ৰুৱাৰী

এগজিট প’ল: ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছত

ভোটাৰৰ মুঠ সংখ্যাঃ ১,৪৭,৮৬,৩৮২

পুৰুষ ভোটদাতা: ৮১,০৫,২৩৬

মহিলা ভোটদাতা: ৬৬,৮০,২৭৭

চাৰ্ভিচ ভোটাৰ: ১১,৬০৮

তৃতীয় লিংগৰ ভোটাৰ: ৮৬৯

৮০বছৰ তাৰো উৰ্ধৰ জ্যেষ্ঠ নাগৰিক: ২,০৪,৮৩০

১৮ আৰু ১৯বছৰৰ যুৱ প্ৰজন্মৰ ভোটাৰ: ২,৩২,৮১৫

ভোটদানৰ দিনাও নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকা শ্বাহিন বাগত নিৰাপত্তা কটকটীয়া কৰা হৈছে।

এইবাৰ নিৰ্বাচনত মূল যুঁজ আপ আৰু বিজেপিৰ মাজতে হৈছে। বিগত বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে ৭০খন আসনৰ ৬৭খনতে জয়ী হৈছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দিল্লীৰ সকলো লোকক ভোটগ্ৰহণত অংশ ল’বলৈ আহ্বান জনাইছে। তেওঁ টুইট কৰি কৈছে যে দিল্লীয়ে নিৰ্মল বায়ু, পৰিষ্কাৰ খোৱাপানী আৰু প্ৰতিজন দৰিদ্ৰক বাসস্থান প্ৰদান কৰি বিশ্বৰ ভিতৰতে এখন ভাল ৰাজধানী কৰাৰ ক্ষেত্ৰত এক দূৰদৰ্শী চিন্তা আৰু শক্তিশালী স্থিতিৰ চৰকাৰেহে উদ্যোগ ল’ব পাৰিব। মই দিল্লীৰ জনতাক আহ্বান জনাইছো যাতে মিছা কথা আৰু ভোটবেংকৰ ৰাজনীতিৰ পৰা দিল্লীক মুক্তি দিবলৈ ভোটদান নিশ্চয় কৰে।

আৰু চাওক
পৰৱৰ্তী বাতৰি