ভেলেণ্টাইন ডে’ৰ সৈতে কি সংযোগ অৰবিন্দ কেজৰিৱালৰ, কিয় ১৪ ফেব্ৰুৱাৰীত ল’ব মুখ্যমন্ত্ৰী পদৰ শপত?

News18 Assam | News18-Assam
Updated:February 12, 2020, 8:09 AM IST
ভেলেণ্টাইন ডে’ৰ সৈতে কি সংযোগ অৰবিন্দ কেজৰিৱালৰ, কিয় ১৪ ফেব্ৰুৱাৰীত ল’ব মুখ্যমন্ত্ৰী পদৰ শপত?
Photo : Hindustan Times

৭০খন আসনযুক্ত দিল্লী বিধানসভাৰ ৬২খন আসন লাভ কৰিলে আম আদমী পাৰ্টীয়ে। এই বৃহৎ জয়ৰ পিছত এতিয়া প্ৰশ্ন উঠিছে যে অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ শপত কেতিয়া ল’ব?

  • Share this:
দিল্লী বিধানসভা নিৰ্বাচনত পুনৰ এবাৰ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব আম আদমী পাৰ্টীয়ে। ৭০খন আসনযুক্ত দিল্লী বিধানসভাৰ ৬২খন আসন লাভ কৰিলে আম আদমী পাৰ্টীয়ে। এই বৃহৎ জয়ৰ পিছত এতিয়া প্ৰশ্ন উঠিছে যে অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ শপত কেতিয়া ল’ব? ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেণ্টাইন ডে’ৰ দিনাই কেজৰিৱালে শপত ল’ব বুলি অনুমান কৰা হৈছে। কিয়নো এই দিনটো কেজৰিৱালৰ বাবে এটা বিশেষ দিন।

সূত্ৰ অনুসৰি, কেজৰিৱালেও ১৪ ফেব্ৰুৱাৰীত শপত গ্ৰহণ কৰাটো বিচাৰিছে। আচলতে, ২০১৩ চনত প্ৰথমবাৰ দিল্লীত আম আদমী পাৰ্টীয়ে চৰকাৰ গঠন কৰিছিল। বিজেপিয়ে ৩১খন, আম আদমী পাৰ্টীয়ে ২৮খন আৰু কংগ্ৰেছে ৮খন আসন লাভ কৰিছিল। আম আদমী পাৰ্টীয়ে কংগ্ৰেছৰ সৈতে মিলি গঠন কৰিছিল চৰকাৰ। অৰবিন্দ কেজৰিৱালে ২৮ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল। কিন্তু কংগ্ৰেছ আৰু আপৰ মাজত সংঘাতৰ বাবে মাত্ৰ ৪৯ দিনতে চৰকাৰ ভংগ হৈছিল। তাৰ পিছতে কেজৰিৱালে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। গুৰুত্বপূৰ্ণ কথাটো হ’ল ২০১৪ চনৰ ১৪ ফেব্ৰুৱাৰীত পদত্যাগ কৰিছিল কেজৰিৱালে।

২০১৫ চনৰ নিৰ্বাচনত আম আদমী পাৰ্টীয়ে দখল কৰিছিল ৬৭খন আসন। বিজেপিয়ে মাত্ৰ ৩খন আসনতে সন্তুষ্ট থাকিবলগীয়া হৈছিল। ইয়াৰ পিছতে ১৪ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল কেজৰিৱালে।

মুখ্যমন্ত্ৰী হোৱাৰ ৩ বছৰ পিছত অৰ্থাৎ ২০১৮ চনত কেজৰিৱালে এক বিশেষ কাৰ্যসূচী ঘোষণা কৰিছিল। এই কাৰ্যসূচীও ভেলেণ্টাইন ডে’ৰ দিনাই আয়োজন কৰা হৈছিল। অৰ্থাৎ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই দিনটো বিশেষ দিন হিচাপে মানি আহিছে। এতিয়া দিল্লী নিৰ্বাচনত জয়লাভৰ পিছত কেজৰিৱালে তৃতীয়বাৰ মুখ্যমন্ত্ৰী হিচাপে শপত কেতিয়া ল’ব সেয়া গুৰুত্বপূৰ্ণ।
আৰু চাওক
পৰৱৰ্তী বাতৰি