বহু অপেক্ষিত দিল্লী বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। ৭০খন আসনযুক্ত দিল্লী বিধানসভাৰ নিৰ্বাচন অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। আৰু ১১ ফেব্ৰুৱাৰীত ফলাফল ঘোষণা কৰা হ’ব। দিল্লীত আছে মুঠ ১.৪৬ কোটি ভোটাৰ। ৰাজ্যখনত মুঠ ২,৬৮৯ টা ভোটকেন্দ্ৰত হ’ব ভোটগ্ৰহণ।
নিৰ্বাচন আয়ুক্তই জনাইছে যে, ইতিমধ্যে দিল্লীত নিৰ্বাচনী অধিসূচনা জাৰি কৰা হৈছে। ১৪ৰ পৰা ২১ জানুৱাৰীৰ ভিতৰত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব প্ৰাৰ্থীয়ে।
এইবাৰ দিল্লী বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টী আৰু বিজেপিৰ মাজতেই প্ৰধানতঃ নিৰ্বাচনী যুঁজ হ’ব বুলি অনুমান কৰা হৈছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 06, 2020, 17:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।