অৰবিন্দ কেজৰিৱালক সাক্ষাৎ প্ৰশান্ত কিশোৰৰ, ক’লে – ভাৰতৰ আত্মাৰ ৰক্ষাৰ বাবে দিল্লীক ধন্যবাদ!

News18 Assam | News18-Assam
Updated:February 11, 2020, 1:48 PM IST
অৰবিন্দ কেজৰিৱালক সাক্ষাৎ প্ৰশান্ত কিশোৰৰ, ক’লে – ভাৰতৰ আত্মাৰ ৰক্ষাৰ বাবে দিল্লীক ধন্যবাদ!
কেজৰিৱাল আৰু প্ৰশান্ত কিশোৰৰ এই সাক্ষাতৰ পিছতে এই কথাও চৰ্চিত হৈছে যে আম আদমী পাৰ্টীয়ে দিল্লীৰ পিছত এইবাৰ বিহাৰ বিধানসভা নিৰ্বাচনতো যুঁজাৰ প্ৰস্তুতি চলাইছে।

কেজৰিৱাল আৰু প্ৰশান্ত কিশোৰৰ এই সাক্ষাতৰ পিছতে এই কথাও চৰ্চিত হৈছে যে আম আদমী পাৰ্টীয়ে দিল্লীৰ পিছত এইবাৰ বিহাৰ বিধানসভা নিৰ্বাচনতো যুঁজাৰ প্ৰস্তুতি চলাইছে।

  • Share this:
দিল্লীত আম আদমী পাৰ্টীৰ বিজয় প্ৰায় নিশ্চিত। বৰ্তমানো অব্যাহত আছে ভোটগণনা। বৃহৎ ব্যৱধানত আগবাঢ়ি আছে আম আদমী পাৰ্টী। ইয়াৰ মাজতে আম আদমী পাৰ্টীৰ বাবে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰা প্ৰশান্ত কিশোৰে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। আম আদমী পাৰ্টীৰ পক্ষত ৰায় দিয়া বাবে দিল্লীৰ জনতাক ধন্যবাদ জনালে প্ৰশান্ত কিশোৰে।

কেজৰিৱাল আৰু প্ৰশান্ত কিশোৰৰ এই সাক্ষাতৰ পিছতে এই কথাও চৰ্চিত হৈছে যে আম আদমী পাৰ্টীয়ে দিল্লীৰ পিছত এইবাৰ বিহাৰ বিধানসভা নিৰ্বাচনতো যুঁজাৰ প্ৰস্তুতি চলাইছে। খবৰ অনুসৰি, প্ৰশান্ত কিশোৰে আজি সন্ধিয়া সংবাদমেলৰ জৰিয়তে এই বিষয়ে ঘোষণা কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে প্ৰশান্ত কিশোৰে টুইটাৰযোগে কয় – ‘ভাৰতৰ আত্মাৰ ৰক্ষাৰ বাবে ধন্যবাদ দিল্লী।


উল্লেখযোগ্য যে প্ৰশান্ত কিশোৰে আম আদমী পাৰ্টীৰ বাবে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছিল আৰু আক্ৰমণাত্মক ৰূপত বিজেপিৰ নীতিক সমালোচনা কৰিছিল। আসনৰ সংখ্যাক লৈ প্ৰশান্ত কিশোৰে কোনো মন্তব্য কৰা নাছিল যদিও দিল্লীত আম আদমী পাৰ্টীৰ বৃহৎ জয় নিশ্চিত বুলি কৈছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি