দিল্লীত হেট্ৰিক কৰা অৰবিন্দ কেজৰিৱালৰ আপুনি নজনা কেতবোৰ আকৰ্ষণীয় কথা

প্ৰাক্তন IRS বিষয়া কেজৰিৱালৰ জন কল্যাণমুখী ৰাজনৈতিক চৰিত্ৰৰ মূল ভেটি হৈছে তেওঁ আৰু তেওঁৰ সহযোগীৰ সৃষ্ট মহোল্লা সভাৰ ধ্যান–ধাৰণা।
প্ৰাক্তন IRS বিষয়া কেজৰিৱালৰ জন কল্যাণমুখী ৰাজনৈতিক চৰিত্ৰৰ মূল ভেটি হৈছে তেওঁ আৰু তেওঁৰ সহযোগীৰ সৃষ্ট মহোল্লা সভাৰ ধ্যান–ধাৰণা।
- News18 Assam
- Last Updated: February 11, 2020, 6:41 PM IST
এই ঘটনাৰ কেইমাহমানৰ পিছতে সমগ্ৰ দেশকে আচৰিত কৰি দেশৰ ৰাজধানীৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল মানুহজনে। ঘটনাৰ কেইমাহমানৰ পূৰ্বে সমগ্ৰ দেশ জোকাৰি যোৱা দুৰ্নীতিবিৰোধী প্ৰতিবাদী সংগ্ৰামৰ নেতৃত্ব দিছিল তেওঁ। এই আন্দোলন ইমানেই সৰ্বব্যাপী আছিল যে তেতিয়াৰ শাসক দল কংগ্ৰেছৰ ভেটি উছন কৰি দিছিল।

বৰ্ষীয়ান সমাজকৰ্মী আন্না হাজাৰেৰ আহ্বানত পৰিচালিত এই আন্দোলনৰ মেৰুদণ্ড আছিল অৰবিন্দ কেজৰিৱাল আৰু অখিল গগৈ। দেশত এখন শক্তিশালী আৰু ফলপ্ৰসূ দুৰ্নীতিবিৰোধী আইনৰ পোষকতাৰে অতি কৌশলগতভাৱে দুয়ো আগবঢ়াই নিছিল আন্দোলনটো। সময় সাপেক্ষে আন্দোলনটোৰে জড়িত বহুতক প্ৰস্থানৰ পথো দেখুৱাছিল এই অৰবিন্দ কেজৰিৱালে। আন্দোলনটোকে মূল ভেটি হিচাপে লৈ আন্না হাজাৰে, অখিল গগৈ আদিৰ বিৰোধিতাকো নেওচি ৰাজনীতিৰ পথাৰত ভৰি দিছিল এই আই আই টিৰ স্নাতকজনে।
হয়, আই আই টি খড়গপুৰৰ পৰা Mechanical Engineeringৰ স্নাতক কেজৰিৱাল। আই আই টি পৰা দিল্লীৰ Players Buildingলৈ (দিল্লীৰ সচিবালয় Players Building নামৰে খ্যাত) কেজৰিৱালৰ যাত্ৰা ভাৰতীয় ৰাজনীতিৰ এক যুগান্তকাৰী অধ্যা । ৰাজনৈতিক বিশ্লেষকৰ ভাষাত ‘আপুনি কেজৰিৱালক ভাল পাব পাৰে বা বেয়া পাব পাৰে, কিন্তু তেওঁক উপেক্ষা কৰিব নোৱাৰে; যদি আপুনি দিল্লীত ভৰি দিছে কেজৰিৱালৰ তিতা–মিঠা অৱস্থিতিৰ উপলব্ধি হ’বই।’
প্ৰাক্তন IRS বিষয়া কেজৰিৱালৰ জন কল্যাণমুখী ৰাজনৈতিক চৰিত্ৰৰ মূল ভেটি হৈছে তেওঁ আৰু তেওঁৰ সহযোগীৰ সৃষ্ট মহোল্লা সভাৰ ধ্যান–ধাৰণা। RTI কৰ্মী হিচাপে নিজকে আত্মনিয়োগ কৰি কেজৰিৱালে মহোল্লা সভা পদ্ধতিক নতুন মাত্ৰা প্ৰদান কৰিছিল। চৰকাৰী সা-সুবিধাসমূহ মধ্যভোগী আৰু চৰকাৰী বিষয়াৰ লোলুপ দৃষ্টিৰ পৰা মুক্ত কৰাৰ দিশত কেজৰিৱালৰ বেচৰকাৰী প্ৰতিষ্ঠানে লোৱা পদক্ষেপে কেজৰিৱাল আৰু মনীষ ছিছ’ডিয়াক পূব দিল্লীৰ নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰৰ ত্ৰাণকৰ্তাৰ মৰ্যাদা প্ৰদান কৰিছিল। তাৰ কাৰণে ৰামন মেগাছেছে সন্মান পৰ্যন্ত লাভ কৰিছিল কেজৰিৱালে।
একালৰ ৰাজনৈতিক সতীৰ্থ মনোৰম গগৈ কেজৰিৱালৰ তীক্ষ্ণ সমালোচক। জ্যেষ্ঠ সাংবাদিক গগৈৰ মতে, অৰবিন্দ কেজৰিৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰে কোনো পাৰ্থক্য নাই; কেজৰিৱাল হিন্দুত্ব চিন্তাৰ বাদে মোদীৰ হুবহু; আম আদমী পাৰ্টীত কোনো আভ্যন্তৰীণ গণতন্ত্ৰ নাই। এজন ব্যক্তিয়েই দলতোক পৰিচালনা কৰে। অৱশ্যে এক স্বৈৰাচাৰীয়েহে আন এক স্বৈৰাচাৰীক প্ৰতিহত কৰিব পাৰে। কিন্তু ই গণতন্ত্ৰৰ পৰিপন্থী।
একালৰ কেজৰিৱালৰ সতীৰ্থ আৰু বৰ্তমান কংগ্ৰেছৰ নেতা কমল কুমাৰ মেধিৰ মতে আজি কেজৰিৱালে প্ৰমাণ কৰি দিলে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি সকলো সময়তে সফল নহয়। লগতে তথাকথিত ধৰ্মনিৰপেক্ষতাৰেও নিৰ্বাচন জয়ী হ’ব নোৱাৰি। সেয়ে প্ৰতিটো প্ৰচাৰত তেওঁ যে এজন ভগবান বিশ্বাসী হিন্দু সেই কথা সুনিশ্চিত কৰিছিল আৰু শ্বাহিন বাগ যোৱাৰ পৰা বিৰত আছিল।
বিজেপি আৰু আৰ এছ এছক প্ৰতিহত কৰাৰ কাৰণে মেধিয়ে কেজৰিৱালক স্বাগতম জনাইছে। কিন্তু যোগেন্দ্ৰ যাদৱ, প্ৰশান্ত ভূষণ, কুমাৰ বিশ্বাস, আশুতোষ আদি নেতা লগত ৰাখিব নোৱাৰাৰ বিষটোৱে তেওঁৰ স্বৈৰাচাৰী চৰিত্ৰ উদঙাইছে বুলি মন্তব্য মেধিৰ।
এইবাৰ দিল্লীৰ বিধানসভা নিৰ্বাচনত উৎকৃষ্ট পানী, বিজুলী, শিক্ষা, স্বাস্থ্যৰ প্ৰতিশ্ৰুতিৰে ৰাইজৰ কাষ চাপিছিল কেজৰিৱাল। আনহাতে, বিজেপিয়ে তথাকথিত দেশদ্ৰোহীৰ পৰা দেশ ৰক্ষাৰ স্বাৰ্থত ভোট বিচাৰিছিল। আপে প্ৰশান্ত কিশোৰৰে মিলিত হৈ অতি সুক্ষ্মভাৱে বিশ্লেষণৰ কৰি প্ৰস্তুত কৰিছিল প্ৰচাৰৰ কৌশল। আনহাতে, কেজৰিৱালে বুজি উঠিছিল যে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰি ৰাজনৈতিক মুনাফা আদায় কৰিব পৰা নাযায়। সেয়ে বোকা ছটিওৱাৰ ৰাজনীতি পৰিত্যাগ কৰি যুঁজত নামিছিল তেওঁ।
কেজৰিৱালে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল – দিল্লীবাসীয়ে কেন্দ্ৰত যদি মোদীক বিচাৰে দিল্লীত বিচাৰে কেজৰিৱালক। কিন্তু বিজেপিয়ে অনুধাৱন কৰিব নোৱাৰিলে কেজৰিৱালৰ জনপ্ৰিয়তা। সেয়ে সন্ত্ৰাসবাদী আখ্যা দিলে আজিৰ তাৰিখৰ দিল্লীৰ সকলোতকৈ জনপ্ৰিয় নেতাজনক। অৱশ্যে কেজৰিৱালে বুজি উঠিছিল এনে আক্ৰমণে তেওঁক লাভান্বিত কৰিব। লগতে কংগ্ৰেছ দলৰ কৌশলগত দুৰ্বল প্ৰচাৰে সহায় কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰীক।
এখন অৰ্ধ–ৰাজ্যৰ বিধানসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ৭০ কেন্দ্ৰীয় মন্ত্ৰী, ২৫০ সাংসদ আৰু ১১ মুখ্যমন্ত্ৰীক বিজেপিয়ে প্ৰক্ষেপ কৰাৰ কাৰ্য ৰাজনৈতিক ভুল আছিল বুলিও ক’ব খোজে ৰাজনৈতিক বিশ্লেষকে।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ দূৰত্ব এক কিলোমিটাৰত কৈ কম। কিন্তু পূৰ্ণ ৰাজ্য নোহোৱা হেতুকে দিল্লী চৰকাৰৰ অধীনত নাহে দিল্লী আৰক্ষী। এইবেলি পূৰ্ণ ৰাজ্যৰ দাবী আৰু জন লোকপাল আইনৰ কথা বৰকৈ কোৱা নাই আপ নেতৃত্বই। এই দুটা দাবীৰে ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰিছিল কেজৰিৱাল বাহিনীয়ে। গতিকে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত সময়ৰ সোঁতত আপো এটা গতানুগতিক ৰাজনৈতিক দললৈ পৰ্যবেশিত হ’ল নেকি? তাৰ উত্তৰ যিয়েই নহওক কেজৰিৱল তৃতীয়বাৰৰ কাৰণে কিন্তু দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হ’ল!