• Home
  • »
  • News
  • »
  • nation
  • »
  • Alcohol Prices Drop: দাম কমিছে সুৰাৰ, ব্ৰেণ্ডেড সুৰাৰ MRPত ৩০-৪০% ডিছকাউণ্ট, জেক ডেনিয়েল, জনি ৱাকাৰৰো কমিল দাম

Alcohol Prices Drop: দাম কমিছে সুৰাৰ, ব্ৰেণ্ডেড সুৰাৰ MRPত ৩০-৪০% ডিছকাউণ্ট, জেক ডেনিয়েল, জনি ৱাকাৰৰো কমিল দাম

সাংকেতিক ছবি

সাংকেতিক ছবি

Alcohol Prices Drop: জেক ডেনিয়েল 1,775 টকা, এবচোলিউট ভদকা 985 টকা, জেকব ক্ৰীক ৭৬৫ টকা, বেলেনটাইন ফাইনেষ্ট ৯৭০ টকা, জনি ৱাকাৰ ব্লেক লেবেল ₹ ১,৯৩৫ টকালৈ দাম কমিল।

  • Share this:
সুৰা প্ৰেমীসকলৰ ভাল খবৰ। দিল্লীত সুৰা বিপণীসমূহত ব্যাপক হাৰত কমোৱা হৈছে ব্ৰেণ্ডেড সুৰাৰ দাম। দোকানীসমূহে ব্ৰেণ্ডেড সুৰাৰ MRPত ৩০ৰ পৰা ৪০% ডিছকাউণ্ট দিয়াত দাম কমিছে ৰাজধানী চহৰখনত। দিল্লী চৰকাৰে সুৰা নীতি সলনি কৰাৰ পিছতে সুৰা বিপণীসমূহে দাম কমোৱা পৰিলক্ষিত হৈছে। দেশীয় আৰু বিদেশী সকলো ব্ৰেণ্ডৰ সুৰাতেই বিপণীসমূহে দি আছে হেভী ডিছকাউণ্ট।

দিল্লীৰ কাষৰীয়া চহৰ যেনে নয়ডা আৰু গুৰুগ্ৰামৰ সুৰা বিপণীৰ তুলনাত বহু কম দামত একে ব্ৰেণ্ডৰ সুৰা বিক্ৰী কৰি আছে দিল্লীৰ বিপণীসমূহে। যোৱা নৱেম্বৰ মাহত দিল্লী চৰকাৰে আৱকাৰী নীতি সলনি কৰাৰ পিছতে দিল্লীৰ সুৰা বিপণীসমূহে প্ৰতিযোগিতামূলক দাম নিৰ্ধাৰণৰ সুবিধা লাভ কৰাৰ পিছতেই ৰাজধানী চহৰখনত হোৰাহোৰে কমিছে সুৰাৰ দাম।

বাতৰি অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানীৰ কেইখনমান দোকানত বিদেশী ব্ৰেণ্ডৰ এলকহল চিভাছ ৰিগালৰ (12 বছৰ) (Chivas Regal) বটল 1,890 টকাত বিক্ৰী কৰা হৈছে। আনহাতে গুৰুগ্ৰামত চিভাছ ৰিগালৰ একেটা বটল 2,150 টকাত বিক্ৰী কৰে আৰু তিনিটা বটল ক্ৰয় কৰাৰ ক্ষেত্ৰত প্ৰতিটো বটলত 150 টকাৰ ৰেহাই দিয়ে। প্ৰতিবেদন অনুসৰি দিল্লীৰ চিভাছ ৰিগালৰ সৰ্বাধিক খুচুৰা মূল্য বা এমআৰপি হৈছে 2,920 টকা।

দিল্লীৰ  সুৰা বিপণী হুইস্কি থেকাই 1,885 টকাত প্ৰিমিয়াম এলকহল ব্ৰেণ্ড জেক ডেনিয়েলছৰ বটল এটা আগবঢ়াইছে। ইয়াৰ এমআৰপি দিল্লীত 2,730 টকা। প্ৰতিবেদন অনুসৰি, আন এটা প্ৰিমিয়াম ব্ৰেণ্ড গ্লেনলিভেট (18 বছৰ পুৰণি বেচ ৰিজাৰ্ভ) 700 মিলিলিটাৰৰ বটলৰ বাবে 5,115 টকাত খুচুৰা বিক্ৰী কৰা হৈছে। এইটো 7,415 টকাৰ এম.আৰ.পি.-ৰ তলত।

নতুন আবকাৰী নীতিৰ অংশ হিচাপে ৰাষ্ট্ৰীয় ৰাজধানীত ভদকাৰ মূল্যও হ্ৰাস পাইছে। এবচোলিউত ভদকা চহৰখনত 1,520 টকাৰ এমআৰপিৰ বিপৰীতে, প্ৰায় 30 শতাংশ ৰেহাইৰ সৈতেএতিয়া দিল্লীত 995 টকাত বিক্ৰী কৰা হয় ।

Alco Mart আৰু Nova Garments নামৰ বিপণী কেইখনত জেক ডেনিয়েলৰ মূল্য 1,775 টকা, এবচোলিউট ভদকা 985 টকাত উপলব্ধ, জেকব ক্ৰীক ৭৬৫ টকাত, বেলেনটাইনৰ ফাইনেষ্ট ১,৪৯০ টকা এমআৰপিৰ পৰিৱৰ্তে ৯৭০ টকাত, জনি ৱাকাৰ ব্লেক লেবেল ২,৯৮০ টকাৰ এমআৰপিৰ বিপৰীতে ₹ ১,৯৩৫ টকাত, বম্বে চেফায়াৰ জিন ২,০৫০ টকাৰ বিপৰীতে ১৩৩০ টকাত,  জেগাৰমেইষ্টাৰ ৩,১৭০ টকাৰ এমআৰপিৰ পৰিৱৰ্তে ২,০৬০ টকাত বিক্ৰী কৰি আছে বুলি হিন্দুস্তান টাইমছৰ প্ৰতিবেদনত কোৱা হৈছে।
Published by:Manjumoni Borah
First published: