உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • সুখবৰ! আজিৰে পৰা দিল্লী বিমানবন্দৰত পৰিচয় পত্ৰ নোহোৱাকৈ প্ৰৱেশৰ প্ৰক্ৰিয়া আৰম্ভ

    সুখবৰ! আজিৰে পৰা দিল্লী বিমানবন্দৰত পৰিচয় পত্ৰ নোহোৱাকৈ প্ৰৱেশৰ প্ৰক্ৰিয়া আৰম্ভ

    দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ৩ ত আজিৰে পৰা Facial Recognitionৰ ট্ৰায়েল আৰম্ভ হৈছে। অৱশ্যে এই সুবিধা কেৱল ভিষ্টাৰা এয়াৰলাইন্সৰ যাত্ৰীসকলৰ কাৰণে বিকল্প ব্যৱস্থা হিচাপেহে উপলব্ধ হৈছে। 

    • Share this:
      এতিয়াৰে পৰা আপোনাৰ চেহেৰাই হ’ব আপোনাৰ বৰ্ডিং পাছ। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এই কামক বাস্তৱায়িত কৰিবলৈ আগবাঢ়িছে। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ৩ত আজিৰে পৰা বলৱৎ হৈছে Facial Recognitionৰ ট্ৰায়েল। অৱশ্যে প্ৰথমে এই ব্যৱস্থা অৱশ্যে এই সুবিধা কেৱল ভিষ্টাৰা এয়াৰলাইন্সৰ যাত্ৰীসকলৰ কাৰণে বিকল্প ব্যৱস্থা হিচাপেহে উপলব্ধ হৈছে। সকলো ই–গেটত বিশেষ কেমেৰা লগোৱা হৈছে যিবোৰে যাত্ৰীৰ বিষদ বিৱৰণ ৰেকৰ্ড কৰিব। তিনি মাহৰ ট্ৰায়েলৰ পিছত এই ব্যৱস্থা ৰাখিব লাগে নে নালাগে সেই সিদ্ধান্ত লোৱা হ’ব। এই ব্যৱস্থা চৰকাৰৰ ডিজি যাত্ৰা স্কীমৰ অন্তৰ্গত। বিমান যাত্ৰা ‘পেপাৰলেচ’ কৰিবলৈ চৰকাৰে এতিয়া বিমানযাত্ৰাৰ সময়ত বিশেষ ব্যৱস্থা হাতত লৈছে। এতিয়া পৰিচয় পত্ৰ হিচাপে যাত্ৰীয়ে নিজৰ আই ডি কঢ়িয়াই লৈ নুফুৰিলেও হ’ব। যাত্ৰীৰ চেহেৰাই হ’ব তেওঁৰ আই ডি কাৰ্ড।

      যাত্ৰীৰ কি লাভ হ’ব?

      –বিমানবন্দৰৰ এন্ট্ৰী আৰু বৰ্ডিং প্ৰক্ৰিয়াত কম সময়ৰ প্ৰয়োজন হ’ব।

      –দীঘলীয়া শাৰীত থিয় হোৱাৰ পৰা যাত্ৰীয়ে ৰেহাই পাব।

      –আপোনাৰ চেহেৰা স্কেন কৰি আপোনাৰ চিনাক্ত কৰা হ’ব।

      –এয়াৰপৰ্টত প্ৰৱেশ কৰাৰ পৰা বৰ্ডিঙলৈকে কোনো ধৰণৰ পেপাৰ বা বৰ্ডিং পাচৰ প্ৰয়োজন নহ’ব।

      ফেচিয়েল ৰিক’গনিশ্যন ব্যৱস্থা কি? 

      DIGI YATRAৰ স্কীমৰ অধীনস্থ এই ব্যৱস্থা। আধাৰ, পাচপোৰ্ট বা আন কোনো ধৰণৰ পৰিচয় পত্ৰৰ সৈতে নিজৰ ফেচিয়েল ৰিক’গনিশ্যন এবাৰ ডাটাবেচত অন্তৰ্ভুক্ত কৰিব লাগিব। অৰ্থাৎ আপোনাৰ চেহেৰাই আপোনাৰ কাৰণে IDৰ কাম কৰিব। বেংগালুৰু, মুম্বাই আৰু হায়দৰাবাদ এয়াৰপৰ্টত DIGI YATRA আঁচনিত আগৰে পৰা কাম চলি আছে। দিল্লীত এতিয়া তিনি মাহ পৰীক্ষা চলিব। আমেৰিকা, ইউৰোপৰ দৰে বহু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এই ব্যৱস্থা ইতিমধ্যে প্ৰচলিত।

      ফাইল ফটো
      First published: