বিশ্বৰ বহুতো দেশত বৰ্ধিত ক'ৰোনা ৰোগৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাৰতত ক’ৰোনাৰ প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰিবলৈ দিল্লীস্থিত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েন্স চমুকৈ এইমছে সাৱধানতামূলক পদক্ষেপ গ্ৰহণ কৰিছে। জানিব পৰা মতে, এইমছৰ সমগ্ৰ কৰ্মচাৰীসকলক প্ৰতিৰোধমূলক ব্যৱস্থা ল'বলৈ নিৰ্দেশনা জাৰি কৰা হৈছে।
এইমছ প্ৰশাসনে জাৰি কৰা স্মাৰকপত্ৰখনত কোৱা হৈছে যে ক'ৰোনা সংক্ৰমণ বিয়পা প্ৰতিহত কৰিবলৈ চিকিৎসালয়খনত কাম কৰা লোকসকলে কোভিড-বন্ধুত্বপূৰ্ণ আচৰণ গ্ৰহণ কৰিব লাগিব। এইমছৰ কৰ্মচাৰীসকলে চিকিৎসালয়ত কাপোৰেৰে নিৰ্মিত অস্ত্ৰোপচাৰৰ মাস্ক পিন্ধিব লাগিব। কৰ্মস্থানৰ সম্পূৰ্ণ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু চেনিটাইজেশ্বনৰ যত্ন ল'ব লাগিব, বিশেষকৈ সেই ঠাইবোৰৰ যত্ন ল'ব লাগিব যিবোৰ অধিক স্পৰ্শ কৰা হয়।
কাহ বা হাঁচি অহাৰ সময়ত নাক আৰু মুখ কিলাকুটি বা ৰুমালেৰে ঢাকি ৰখাৰ পৰামৰ্শ দিয়া হৈছে। চাবোন আৰু পানীৰে আপোনাৰ হাত ধোৱাৰ লগতে এলকহলযুক্ত চেনিটাইজাৰে হাত পৰিষ্কাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। কৰ্মচাৰীসকলক সামাজিক দূৰত্বৰ বিশেষ যত্ন ল'বলৈ কোৱা হৈছে সেইয়া লাগে কোনোবা কোঠাতেই হওঁক বা শাখাত হওঁক। কেণ্টিনত কোনো অত্যাধিক ভিৰ নকৰাৰ উপৰিও কোনো বিভাগ বা কাৰ্যালয়ত ৫ জনতকৈ অধিক লোকে একেলগে বহিব নালাগে বুলিও কোৱা হৈছে।
এডভাইজৰীত সকলো বিষয়াক তেওঁলোকৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন ল'বলৈ পৰামৰ্শ দিয়া হৈছে। যদি কোনো ধৰণৰ লক্ষণ বা জ্বৰ দেখা যায় তেন্তে চিকিৎসালয়ক অৱগত কৰি লগে লগে সেই ঠাই ত্যাগেৰে ঘৰত কোৱাৰাইন্টাইনত থাকি ক'ৰোনা পৰীক্ষা কৰিবলৈ কোৱা হৈছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : December 23, 2022, 18:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।