দিল্লীৰ গুলীকাণ্ডৰ অভিযুক্ত নাবালক, আইন অনুসৰি ফটো আৰু নাম নিদিয়াৰ সিদ্ধান্ত Network18ৰ

News18 Assam | News18-Assam
Updated:January 30, 2020, 8:53 PM IST
দিল্লীৰ গুলীকাণ্ডৰ অভিযুক্ত নাবালক, আইন অনুসৰি ফটো আৰু নাম নিদিয়াৰ সিদ্ধান্ত Network18ৰ
Network18–এ আক্ৰমণকাৰীৰ ফটো আৰু নাম উল্লেখ কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে। এয়া একমাত্ৰ দেশৰ আইন মানি লোৱা সিদ্ধান্ত।

Network18–এ আক্ৰমণকাৰীৰ ফটো আৰু নাম উল্লেখ কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে। এয়া একমাত্ৰ দেশৰ আইন মানি লোৱা সিদ্ধান্ত।

  • Share this:
দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ বাহিৰত ‘কা’ প্ৰতিবাদকাৰীলৈ গুলীচালনা কৰা আক্ৰমণকাৰীজন নাবালক বুলি চিনাক্ত হৈছে। আইন অনুসৰি নাবালক অপৰাধীৰ ফটো, ঠিকনা আৰু পৰিচয় ৰাজহুৱা কৰিব নোৱাৰি আৰু সেইকাৰণে Network18–এ আক্ৰমণকাৰীৰ ফটো আৰু নাম উল্লেখ কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে। এয়া একমাত্ৰ দেশৰ আইন মানি লোৱা সিদ্ধান্ত।

প্ৰথম অৱস্থাত পোহৰলৈ অহা ফটো আৰু ভিডিওসমূহ আমি তুলি ধৰিছিলো যদিও প্ৰাথমিক তদন্তত অভিযুক্তজন নাবালক বুলি প্ৰমাণ হোৱাৰ কাৰণে সেই সমূহ ভিডিও আৰু ফটো উঠাই লোৱা হৈছে। লগতে নাবালক অভিযুক্তৰ নাম উল্লেখ কৰাৰ পৰাও আমি বিৰত থাকিম।

আমি আৰক্ষীৰ তদন্তৰ প্ৰতিটো দিশ আৰু এই সন্দৰ্ভত খবৰ আমাৰ দৰ্শকৰ কাৰণে আগবঢ়াই যাম। সম্পাদকীয় টীমে প্ৰতিটো খবৰ সঠিক আৰু দ্ৰুততাৰে আগুৱাই নিয়াৰ কাৰণে দৃঢ় সংকল্পৱদ্ধ।
আৰু চাওক
পৰৱৰ্তী বাতৰি